নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাৰ তৃতীয়খন আসনঃ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম ক’লে তৰুণ গগৈয়ে

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চঃ ৰাজ্যসভাৰ তৃতীয়খন আসনক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত গঢ়ি উঠা মিত্ৰতা আৰু এআইইউডিএফ সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখা গ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত এআইইউডিএফ untouchable যদি ইয়াত কিয় বহিবলৈ দিয়া হৈছে অথবা পূৰ্বতে কিয় বিজেপিয়ে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰি বৰুৱাক ৰাজ্যসভালৈ পঠাব বিচাৰিছিল বুলিও কটাক্ষ কৰে তৰুণ গগৈয়ে ।

ইফালে, ৰাজ্যসভাৰ আসনৰ ক্ষেত্ৰত কোনে কোনে প্ৰাৰ্থিত্বৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে সেই সন্দৰ্ভতো অৱশ্যে উল্লেখ কৰে তৰুণ গগৈয়ে । প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলৰ ভিতৰত কংগ্ৰেছৰ উপৰিও জয়ন্ত বৰুৱা, অজিত ভূঞা, অদীপ কুমাৰ ফুকন, বৰবৰা, কমল চৌধুৰী ইত্যাদি বহুলোকে যোগাযোগ কৰিছে বুলিও উল্লেখ কৰে তৰুণ গগৈয়ে । জয়ন্ত বৰুৱাই খোলাখুলিকৈ ৰাজ্যসভাৰ কথা উল্লেখ কৰা নাই যদিও এদিন তৰুণ গগৈৰ সৈতে লগ পোৱাৰ কথাও ব্যক্ত কৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ।

You might also like