নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাৰ প্ৰাৰ্থীঃ জে পি নাড্ডাৰে আজি সোণোৱাল-ড০ শৰ্মা-দাসৰ বৈঠক

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ আসন্ন ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ বাবে আজি বিজেপিৰ বৈঠক অনুষ্ঠিত হ’ব । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বৈঠকত মিলিত হৈ দলীয় প্ৰাৰ্থিত্ব সম্পৰ্কত আলোচনা কৰিব । বুধবাৰে গুৱাহাটীত সাংবাদিকৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি দাসে এই কথা প্রকাশ কৰে ৷ উল্লেখ্য যে অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে অহা ২৬ মার্চত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ বিজেপি মিত্রজোঁটে দুখন আসনত প্রতিদ্বন্দ্বিতা কৰিব ৷ এখনত বিজেপিয়ে নিজাববীয়াকৈ আৰু আনখনত মিত্রদল বি পি এফে প্রতিদ্বন্দ্বিতা কৰিব৷ মিত্রদল বি পি এফে ইতিমধ্যে তেওঁলোকৰ প্রার্থী হিচাপে বর্তমানৰ সাংসদ বিশ্বজিৎ দৈমাৰীক পুনৰ প্রক্ষেপ কৰিছে ৷

দাসে জানিবলৈ দিয়া মতে, আজি দলৰ ৰাষ্ট্রীয় সভাপতিৰ সৈতে হ’বলগীয়া বৈঠকত দলৰ প্রার্থী সম্পর্কত আলোচনা কৰা হ’ব ৷ মন কৰিবলগীয়া এয়ে যে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া আসনখনৰ বাবে বহু নেতাৰ নাম চর্চালৈ আহিছে ৷ এওঁলোকৰ ভিতৰত প্রাক্তন সাংসদ ভুবনেশ্বৰ কলিতা, ৰমেন ডেকা, ৰাজেন গোহাঁই, প্রাক্তন বিধায়ক মিছনৰঞ্জন দাস, বিজেপি নেতা সুভাষ দত্ত আদি অন্যতম ৷ ৰাষ্ট্রীয় সভাপতি নাড্ডাৰ লগত হোৱা বৈঠকৰ পাছতহে স্পষ্ট হ’ব বিজেপিৰ পৰা প্রকৃততে ৰাজ্যসভা আসনখনত কোনে টিকট লাভ কৰে ?

ইপিনে, ‘কা’বিৰোধী আন্দোলনত অংশ লোৱা ব্যক্তিয়ে কংগ্রেছ–এ আই ইউ ডি এফৰ উমৈহতীয়া প্রার্থী হিচাপে ৰাজ্যসভা নির্বাচনত অৱতীর্ণ হ’বলৈ আগ্রহ প্রকাশ কৰা সম্পর্কত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ তেওঁ দিছপুৰত সাংবাদিকৰ আগত এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ৰাজ্যসভাত কংগ্রেছ–এ আই ইউ ডি এফৰ পৰা টিকট লাভৰ বাবে ‘কা’বিৰোধী আন্দোলন কৰা বুলি ধাৰণা হৈছে ৷ ‘কা’বিৰোধী আন্দোলনত জড়িত একাংশই ৰাজ্যসভা নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফৰ উমৈহতীয়া প্রার্থী হ’বলৈ আগ্রহ প্রকাশ কৰি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ ওচৰত আবেদন কৰিছে, প্রতিনিধি পঠিয়াইছে, ব্যক্তিগতভাৱে লগ কৰিছে বুলি কালি প্রকাশ কৰে ৷ গগৈয়ে সেই কথা কোৱাৰ ২৪ ঘণ্টা পাৰ হৈ গ’ল ৷ কিন্তু তেওঁ যিসকল ব্যক্তিৰ নাম উল্লেখ কৰিলে, কোনেও তেওঁৰ কথা অস্বীকাৰ কৰা নাই৷ সেয়ে এতিয়া সন্দেহ হৈছে ‘কা’বিৰোধী আন্দোলনত তেওঁলোকে ৰাজ্যসভাৰ টিকটৰ বাবে অংশ লৈছিল নেকি? ৰাজ্যসভা নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফৰ পৰা টিকট লাভৰ বাবে তেওঁলোকে যে ‘কা’বিৰোধী আন্দোলনত থিয় হৈছিল, সেয়া আজি স্পষ্ট হৈ গ’ল৷ মন্ত্রী ড০ শর্মাই এ আই ইউ ডি এফৰ সহযোগত তেওঁলোকক ৰাজ্যসভা নির্বাচনত অৱতীর্ণ নহ’বলৈ আহ্বান জনাই কয় যে সাতপুৰুষে ‘কা’বিৰোধী আন্দোলন মনত নাৰাখে৷ কিন্তু আজমলৰে একেলগে মনোনয়ন দাখিল কৰাটো চিৰদিন মনত ৰাখিব৷ নিজৰ সতী–সন্ততিৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকক আজমলৰে একেলগে মনোনয়ন দাখিল নকৰিবলৈ আহ্বান জনায় ড০ শর্মা ই৷

You might also like