ৰাজ্যসভাৰ মনোনয়ন দাখিল ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞাৰ
হাতত হাত ধৰি আহিল তৰুণ গগৈ-বদৰুদ্দিন আজমল
নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়নৰ দাখিলৰ আজি অন্তিম দিন। ২৬ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন। বিজেপিৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই দাখিল কৰিলে মনোনয়ন। মুখ্যমন্ত্ৰী সৰ্বান্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসসহ বহুকেইজন মন্ত্ৰীয়ে সংগ দিয়ে ভূবনেশ্বৰ কলিতাক। BPFৰ প্ৰাৰ্থী বিশ্বজিত দৈমাৰীও উপস্থিত থাকে মনোনয়ন দাখিল পৰ্বত।
আনহাতে কংগ্ৰেছ-AIUDFৰ সমৰ্থিত প্ৰাৰ্থী অজিত কুমাৰ ভূঞায়ো দাখিল কৰে মনোনয়ন। তৰুণ গগৈ, বদৰুদ্দিন আজমলৰ সৈতে হাতত হাত ধৰি মনোনয়ন দাখিল কৰিবলৈ আহিল অজিত কুমাৰ ভূঞা।