নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নিৰ্বাচন কংগ্ৰেছ-AIUDFৰ বাবে ছেমি ফাইনেলঃ তৰুণ গগৈ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ ৰাজ্যসভা নিৰ্বাচন কংগ্ৰেছ-AIUDFৰ বাবে ছেমি ফাইনেল। কংগ্ৰেছ-AIUDFৰ যুটীয়া বৈঠকৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এয়া আখৰা আৰম্ভ হৈছে। আমি ধৰ্ম নিৰপেক্ষতা, ভাৰতীয় গণতন্ত্ৰত বিশ্ৱাসী, কা বিৰোধী, স্পষ্ট নীতি আৰু যাক কোনো দমন নীতিয়ে তেনে এজন ব্যক্তিক আমি প্ৰাৰ্থিত্ব দিছো। যিজন লোকে কংগ্ৰেছকো সমালোচনা কৰিছিল আৰু AIUDFকো সমালোচনা কৰিছিল সেইজন ব্যক্তিক কংগ্ৰেছ-AIUDF দুয়োটা দলে এই কাৰণেই প্ৰাৰ্থিত্ব দিছো যাতে অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি অধিক শক্তিশালী কৰিব পাৰো। ২০২১ৰ নিৰ্বাচনৰ বাবে এইখন আমাৰ ছেমি ফাইনেল আৰু এইখন খেলত আমাৰ জয় ১০০ শতাংশ নিশ্চিত। আনহাতে তৰুণ গগৈৰ এই মন্তব্যক সমৰ্থন জনাইছো জনাইছে AIUDF-এ।

You might also like