নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক চিৰিয়াখানাত মাত্ৰ দুবছৰতে এহেজাৰ জীৱ-জন্তুৰ মৃত্যু 

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ মাজতে হঠাৎ অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুৰ খাদ্য-সামগ্ৰীৰ যোগান কমাই দিয়া হৈছে । পূৰ্ব নিৰ্ধাৰিত খাদ্যৰ তালিকা অনুসৰি খাদ্য-সামগ্ৰী যোগান ধৰি অহাৰ মাজতে ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ তেজাছ মাৰিস্বামীয়ে যোৱা ২ মাৰ্চত এখন পত্ৰযোগে পূৰ্বৰ তুলনাত যথেষ্ট কমকৈ খাদ্য-সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে । ৰাজ্যিক চিৰিয়াখানাৰ ৰেচন ষ্ট’ৰলৈ দিয়া নির্দেশনা অনুসৰি জীৱ–জন্তুৰ বাবে প্রয়োজন হোৱা দৈনন্দিন খাদ্য তালিকাত প্রায় ৭০ শতাংশ খাদ্য–সামগ্রী কমকৈ যোগান ধৰা হৈছে৷ প্রয়োজন মতে পুষ্টিকৰ খাদ্য–সামগ্রী কমকৈ যোগান ধৰাত চিৰিয়াখানাৰ জীৱকুলৰ স্বাস্থ্যত বিৰূপ প্রভাৱ পৰাৰ আশংকা কৰা হৈছে৷ লগতে ডি এফ অ’গৰাকীয়ে কি কাৰণে জীৱ–জন্তুৰ বাবে প্রয়োজনীয় মাছ, মাংস, ফল, বুট–মাহ আদি খাদ্য–সামগ্রী কমকৈ যোগান ধৰিবলৈ নির্দেশ দিলে বুলি প্রশ্ণ উত্থাপন হৈছে৷ চৰকাৰী নির্দেশনা অবিহনে ডি এফ অ’গৰাকীয়ে মইমতালিৰে হঠাৎ প্রায় ৭০ শতাংশ খাদ্য–সামগ্রী কমকৈ যোগান ধৰাৰ ফলত জীৱকুলক আধাপেটীয়াকৈ ৰাখি তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ লগতে ইয়াৰ আঁৰত ব্যাপক কেলেংকাৰি থকা বুলিও অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে পূর্বনির্ধাৰিত খাদ্য তালিকা অনুসৰি মাংসভোজী প্রাণীক প্রতিদিনে প্রয়োজন হয় ১৮১ কিলোগ্রাম মাংস৷ ইয়াৰ ভিতৰত ১৬টা নাহৰফুটুকী বাঘক প্রতিটোকে ৩ কিলোগ্রামকৈ ৪৮ কিলোগ্রাম মাংস লাগে৷ ৪টা ইণ্ডিয়ান টাইগাৰক ১০ কিলোগ্রামকৈ ৪০ কিলোগ্রাম মাংস লাগে৷ ৩টা সিংহক ১০ কিলোগ্রামকৈ ৩০ কিলোগ্রাম মাংস লাগে৷ দুটা বগা বাঘক ১০ কিলোগ্রামকৈ ২০ কিলোগ্রাম মাংস লাগে৷ সেইদৰে ৭টা শিয়ালক ১ কিলোগ্রামকৈ ৭ কিলোগ্রাম, ৩টা হায়েনাক ২ কিলোগ্রামকৈ ৬ কিলোগ্রাম মাংস লাগে৷ এনেদৰে বিভিন্ন মাংসভোজী প্রাণীক দৈনিক ১৮০ কিলোগ্রাম গৰুৰ মাংস লাগে যদিও যোৱা ১৬ এপ্রিলৰ পৰা ৫০ কিলোগ্রাম মাংস কমাই ১৩০ কিলোগ্রাম মাংসহে খাবলৈ দিয়া হৈছে৷ তেনেদৰে বিভিন্ন প্রজাতিৰ হৰিণ, জলহস্তী, দেশীয় গঁড় আৰু অন্যান্য জীৱ–জন্তুক দৈনিক ৭০ কিলোগ্রাম বুট খাবলৈ দিব লাগে যদিও যোৱা ১৬ এপ্রিলৰ পৰা বর্তমান মাত্র ১৪ কিলোগ্রাম বুট দিয়া হৈছে৷ তদুপৰি চিৰিয়াখানাৰ অন্যান্য জীৱ–জন্তু তথা বিভিন্ন প্রজাতিৰ পক্ষী–সাপ আদিৰ বাবে প্রতিদিনে ৩৩ কিলোগ্রাম মগু দাইলৰ প্রয়োজন যদিও বর্তমান ১৫ কিলোগ্রামকৈ যোগান ধৰা হৈছে৷ সেইদৰে দৈনিক ১,০০০টা আঠিয়া কল লাগে যদিও বর্তমান ৬০০টা কল যোগান ধৰা হৈছে৷ ছাগলী মাংস দৈনিক ১৬ কিলোগ্রামকৈ দিব লাগে যদিও বর্তমান ১১ কিলোগ্রামকৈ দিয়া হৈছে৷ ৪৩ কিলোগ্রাম ছয়া ফ্লেক্ছ লাগে যদিও বর্তমান ১৫ কিলোগ্রামকৈ দি থকা হৈছে৷ আনহাতে, দৈনিক ৫০ কিলোগ্রামকৈ গাজৰ যোগান ধৰা হৈছিল যদিও যোৱা ১৬ এপ্রিলৰ পৰা গাজৰ যোগান ধৰা হোৱা নাই বুলি চিৰিয়াখানাৰ খাদ্য–সামগ্রী যোগান প্রক্রিয়াত নিয়োজিত এক সূত্রৰ পৰা জানিব পৰা গৈছে৷ ইফালে চিৰিয়াখানাত খাদ্য যোগান ধৰা একাংশ যোগনিয়াৰে জনোৱা মতে, লকডাউনৰ পূর্বে তেওঁলোকৰ লকডাউনৰ সময়ত যাতে জীৱ–জন্তুৰ বাবে খাদ্যৰ অভাৱ নহয়, তাৰ প্রতি সতর্ক কৰি দিয়ে৷ সেইমতে যোগনিয়াৰসকলে ৩ মাহৰ বাবে খাদ্য–সামগ্রী মজুত কৰি ৰাখে৷ কিন্তু যোৱা ১৫ এপ্রিলত চিৰিয়াখানা কর্তৃপক্ষই ১৬ এপ্রিলৰ পৰা প্রায় ৭০ শতাংশ খাদ্য–সামগ্রী কমাই দিবলৈ মৌখিকভাৱে যোগনিয়াৰসকলক জনায়৷ যোগনিয়াৰসকলে ইয়াৰ কাৰণ বিচৰাত ডি এফ অ’গৰাকীয়ে উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷ কিন্তু কালি ২ মার্চত স্বাক্ষৰ কৰা নির্দেশনা–পত্র এখন ডি এফ অ’গৰাকীয়ে যোগনিয়াৰসকলৰ হোৱাট্ছএপলৈ প্রেৰণ কৰে৷ এই সন্দর্ভত যোগনিয়াৰসকলে খাদ্য–সামগ্রীৰ পৰিমাণ হঠাৎ হ্রাস কৰা হ’ল কিয় বুলি প্রশ্ণ উত্থাপন কৰে৷ তদুপৰি খাদ্য–সামগ্রী কম–বেছি কৰিবলৈ এখন কমিটী থাকে আৰু এইক্ষেত্রত এই কমিটীৰ প্রতিবেদন লোৱা হৈছিলনে বুলিও তেওঁলোকে ডি এফ অ’গৰাকীক প্রশ্ণ কৰে৷ পশুকুলক যদি আধাপেটে ৰখাৰ নিয়ম আছে, তেন্তে অত বছৰে সেই নিয়ম মনা হোৱা নাছিল কিয় বুলিও যোগনিয়াৰসকলে প্রশ্ন কৰে ৷ উল্লেখ্য যে খাদ্যৰ পৰিমাণ কমাই দিয়া বাবেই চিৰিয়াখানাৰ একাংশ জন্তু খাদ্য বিচাৰি বাহিৰলৈ ওলাই আহি হাহাকাৰ কৰা বুলি সন্দেহ কৰা হৈছে আৰু এই দৃশ্য সংবাদ মাধ্যমত প্রকাশ পাইছে৷ এনে পৰিস্থিতিত পূর্বৰ তুলনাত খাদ্যৰ পৰিমাণ কমাই দি ডি এফ অ’গৰাকীয়ে চিৰিয়াখানাৰ পশুকুলক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিব বিচাৰিছে বুলি অভিযোগ কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই৷ তেওঁ লগতে ডি এফ অ’গৰাকীৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই যোৱা ২ বছৰত চিৰিয়াখানাৰ ১,০০০ জীৱ–জন্তুৰ মৃত্যু হোৱা বুলি আৰ টি আইৰ তথ্যৰ ভিত্তিত অভিযোগ কৰে ৷ তদুপৰি এইদৰে জীৱকুলক মৃত্যুৰ মুখলৈ ঠেলি দি চিৰিয়াখানাৰ ১৭৫ হেক্টৰ মাটি আদানী গ্রুপক ৰিজ’ৰ্ট বনাবলৈ দিয়াৰ পৰিকল্পনা একাংশ শীর্ষ বিষয়াই কৰা বুলিও বৈশ্যই অভিযোগ কৰে ৷
You might also like