নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ নির্দেশঃ লকডাউনৰ সময়ত মাচুল ল’ব নোৱাৰিব ব্যক্তিগত বিদ্যালয়ে

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ লকডাউনৰ সময়ছোৱাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষার্থীসকলক মাচুল আদায় দিয়াৰ বাবে বাধ্য নকৰিবলৈ নির্দেশ দিছে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে৷ লকডাউনৰ সময়ত ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে শিক্ষার্থীসকলক মাচুল জমা দিয়াৰ বাবে যাতে হেঁচা নিদিয়ে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষই সকলো জিলাৰ উপায়ুক্তসকললৈ পত্র প্রেৰণ কৰিছে৷ আয়োগৰ অধ্যক্ষই প্রেৰণ কৰা পত্রখনত কোৱা হয় যে ক’ভিড–১৯এ সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজতে ৰাজ্যৰ বিভিন্ন জিলাত বহুকেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কর্তৃপক্ষই মাহেকীয়া মাচুল, নামভর্তি মাচুল আদি জমা দিবলৈ অভিভাৱকসকলক হেঁচা দিয়া বুলি বিভিন্ন সূত্রৰ লগতে সংবাদ মাধ্যমৰ পৰা জানিব পৰা গৈছে৷ লকডাউনৰ সময়ত সুবিধাজনক নীতি গ্রহণ কৰি বিশেষকৈ ইএমআই আৰু অন্যান্য বিল দিয়াৰ ক্ষেত্রত তিনি মাহ ৰেহাই দিবলৈ কেন্দ্রীয় চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই সময়ত বিদ্যালয় কর্তৃপক্ষই অভিভাৱকসকলক মাচুল আদায় দিবলৈ হেঁচা দিব নোৱাৰিব৷ মাচুল দিবলৈ হেঁচা দিয়া বিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব৷ সেয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই যাতে মাচুল আদায় দিয়াৰ বাবে অভিভাৱকসকলক কোনো ধৰণৰ হেঁচা দিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ উপায়ুক্তসকলক পুনৰ অৱগত কৰা হ’ল৷

You might also like