নিয়মীয়া বাৰ্তা, ৬ মে’ : দেশত তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰা হৈছে যদিও কিছু কিছু ক্ষেত্ৰত দিয়া হৈছে শিথিলতা । লকডাউনৰ মাজতে দেশত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা । ইতিমধ্যে অৰ্ধ লক্ষাধিক লোক আক্ৰান্ত হৈছে দেশত । অসমতো ইতিমধ্যে ৪৪ গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ৰোনা ভাইৰাছত । অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে ক’ৰোনাৰ বিৰুদ্ধে গঢ়ি তোলা হৈছে সৰ্বাত্মক যুঁজ ।
বুধবাৰে স্বাস্থ্যমন্ত্ৰী গৰাকী উপস্থিত হয়গৈ সৰুসজাইস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত । কেন্দ্ৰটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কোৱাৰেণ্টাইনত থকা লোকসকলৰ স্বাস্থ্য বুজ লোৱাৰ লগতে সকলো প্ৰকাৰৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে আহ্বান জনায় । এই সময়ছোৱাতে অস্থায়ীভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মুখ্য কাৰ্যালয় সৰুসজাইলৈ স্থানান্তৰ হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যৰ মুঠ ৫টা স্থানত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । নামনিলৈ অহা লোকক কোকৰাঝাৰত, পশ্চিম অসমলৈ অহালোকক তেজপুৰত, উজনি অসমলৈ অহা লোকক যোৰহাটত, মধ্য অসমলৈ অহা লোকক গুৱাহাটীত, বৰাক উপত্যকালৈ অহা লোকক শিলচৰত কোৱাৰেণ্টাইন কৰা হ’ব বুলিও উল্লেখ কৰে ।
এতিয়াৰে পৰা সৰুসজাই ৱাৰ ৰূম হ’ব বুলি কোৱাৰ লগতে নতুনকৈ সৰুসজাইত ৭৯০ খন বিচনা সংযুক্ত কৰা হৈছে বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে ড০ শৰ্মাই । উল্লেখ্য যে, দুই অথবা তিনিদিনৰ ভিতৰত অসম পাবহি বহিঃৰাজ্যৰ পৰা অহা লোকসকল । বৃহস্পতিবাৰে অসমত উপস্থিত হ’ব গুজৰাট আৰু ৰাজস্থানৰ পৰা তিনিশতাধিক ছাত্ৰ ছাত্ৰী ।