নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৩৫.৬৩ শতাংশকহে জল জীৱনৰ পানী

নিয়মীয়া বাৰ্তা, ২ মে: একবিংশ শতিকাৰ আধুনিক প্রযুক্তিবিদ্যাৰ যুগতো অসমৰ গ্রামাঞ্চলৰ কথা বাদেই, চহৰ–নগৰ–মহান সমাধান নহ’ল বিশুদ্ধ খোৱাপানীৰ সমস্যা৷ কেন্দ্রীয় চৰকাৰৰ ‘জল জীৱন মিছন’–এ ইয়াৰ মাজতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল যদিও বাস্তৱত অভিলাষী আঁচনিখন চূড়ান্ত প্রহসনতহে পৰিণত হৈছে৷ ইয়াৰ মূলতে আঁচনিখনৰ কামৰ শামুকীয়া গতি৷ ‘জল জীৱন মিছন’ অসমত আৰম্ভ হোৱাৰ ২ বছৰ ৮ মাহ উকলি যোৱাৰ পাছতো সামৰি ল’ব পৰা নাই মুঠ হিতাধিকাৰীৰ আধাসংখ্যককে৷ এক কথাত ক’বলৈ গ’লে অসমত এতিয়া সুদূৰপৰাহত ‘ঘৰে ঘৰে বিশুদ্ধ পানী’ৰ শ্লোগান৷ ২০১৯ বর্ষৰ ১৫ আগষ্টত অনুষ্ঠানিকভাৱে মুকলি কৰা জল জীৱন মিছনৰ অধীনত আজিৰ দিনটোলৈ মাত্র ৩৫.৬৩ শতাংশ পৰিয়ালকহে সামৰি ল’বলৈ সক্ষম হৈছে৷

জল জীৱন মিছনৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ৰাজ্যৰ মুঠ পৰিয়ালৰ সংখ্যা হৈছে ৬৩,৩৫,০১৫টা৷ ইয়াৰে আজি পর্যন্ত মাত্র ২২,৫৬,৮৮৩টা পৰিয়ালকহে জল জীৱন মিছনৰ অধীনত পানীৰ সংযোগ প্রদান কৰা হৈছে৷ লক্ষণীয়ভাৱে বহু অঞ্চলত জল জীৱন মিছনৰ নামত কেৱল ঘৰে ঘৰে সংস্থাপন কৰা হৈছে কেৱল পাইপ–টেপহে৷ পাইপ–টেপ স্থাপনৰ এবছৰতকৈও অধিক কাল উকলি যোৱাৰ পাছতো এই অঞ্চলসমূহত যোগান ধৰিব পৰা নাই পানী৷ মূলতঃ অঞ্চলসমূহলৈ পানী যোগানৰ বাবে মূল উৎস কার্যক্ষম কৰি তুলিব নোৱাৰা বাবেই টেপ সংস্থাপনৰ এবছৰৰো অধিক কাল অতিক্রম কৰাৰ পাছতো ৰাজ্যবাসীয়ে পোৱা নাই বিশুদ্ধ পানী৷ কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা কেইবাবাৰো ৰাজ্য চৰকাৰক জল জীৱন মিছনৰ কাম–কাজ ক্ষিপ্রতৰভাৱে আগবঢ়াই নিবলৈ আহ্বান জনাই আহিছে যদিও বিভিন্ন অজুহাতত পিছপৰি ৰৈছে ঘৰে ঘৰে পানী যোগানৰ কাম৷

বিভাগীয় তথ্য অনুসৰি আজিৰ দিনটোত টেপ সংযোগৰ ক্ষেত্রত দেশৰ ৰাজ্যসমূহৰ ভিতৰত ১৭ নম্বৰ স্থানত আছে অসম৷ আনকি উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যতকৈ পাছত স্থান লাভ কৰিছে অসমে৷ মণিপুৰ, মিজোৰাম, ত্রিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ দৰে ৰাজ্যয়ো ঘৰে ঘৰে পানী যোগানৰ ক্ষেত্রত লাভ কৰিছে সফলতা৷ মিছন আৰম্ভ কৰাৰ পাছত মণিপুৰত ৬০.৯৭ শতাংশ, অৰুণাচল প্রদেশত ৫৬.২১ শতাংশ, মিজোৰামত ৫৪.২২ শতাংশ, ত্রিপুৰাত ৪৭.২৪ শতাংশ, নাগালেণ্ডত ৩৮.৫৩ শতাংশ, মেঘালয়ত ৩৮.৪০ শতাংশ কাম আগবাঢ়িছে৷ ইয়াৰ বিপৰীতে অসমৰ দৰে ৰাজ্যত জল জীৱন মিছনৰ অধীনত টেপেৰে পানী যোগান ধৰা হৈছে মাত্র ৩৫.৬৩ শতাংশ হিতাধিকাৰীকহে৷ সমান্তৰালভাৱে অসমত এই আঁচনিৰ অধীনত সামৰি লোৱা গাঁৱৰ সংখ্যা হৈছে ২৫.৩৩৫ শতাংশ৷ ইয়াৰে ১০০ শতাংশ পৰিয়ালে পানীৰ সংযোগ লাভ কৰা গাঁৱৰ সংখ্যা হৈছে ৩০০২খন৷ আনহাতে, পানী যোগানৰ কাম বর্তমান অব্যাহত থকা গাঁৱৰ সংখ্যা হৈছে ৯,৬২৮খন৷ অদ্যাপি পানী যোগানৰ বাবে কাম আৰম্ভ নকৰা গাঁৱৰ সংখ্যাই ৰাজ্যত সর্বাধিক৷ মুঠ ১২,৭০৫খন গাঁৱত এতিয়াও পানী যোগানৰ কাম আৰম্ভই কৰিব পৰা হোৱা নাই৷ ২০১৯ বর্ষৰ ১৫ আগষ্টত জল জীৱন মিছন আৰম্ভ কৰাৰ পাছত বর্তমানলৈ ৰাজ্যত সর্বাধিক পৰিয়ালে পানীৰ সংযোগ লাভ কৰা জিলাখন হৈছে মাজুলী৷

চৰকাৰী তথ্য অনুসৰি মাজুলীত মুঠ ৮৯.৮১ শতাংশ পৰিয়ালক টেপৰ জৰিয়তে পানী যোগান ধৰা হৈছে৷ আনহাতে, কামৰূপ মহানগৰ জিলাত বর্তমানলৈ পানী যোগান ধৰা পৰিয়ালৰ সংখ্যা হৈছে ৪৫,৬০৬টা৷ শতাংশ হিচাপত ইয়াৰ হাৰ হৈছে ৭৮.৭৫ শতাংশ৷ আনহাতে, জল জীৱন মিছনৰ কামৰ ক্ষেত্রত সর্বাধিক পিছপৰি ৰৈছে দক্ষিণ শালমাৰা–মানকাচৰ জিলা৷ বর্তমানলৈ মাত্র ৬,৯১৮টা পৰিয়ালকে জল জীৱন মিছন আৰম্ভ কৰাৰ পাছত ঘৰে ঘৰে যোগান ধৰা হৈছে বিশুদ্ধ পানী৷ শতকৰা হিচাপত এই হাৰ হৈছে ৭.৯৯ শতাংশ৷ উল্লেখ্য যে যোৱা ১ মার্চত কেন্দ্রীয় জলশক্তি মন্ত্রী গজেন্দ্র সিং শেখাৱটে গুৱাহাটীত অনুষ্ঠিত কৰা এখন পর্যালোচনা বৈঠকত জল জীৱন মিছন ৰূপায়ণৰ অসমত অগ্রগতি নোহোৱা বাবে অসন্তুষ্টি প্রকাশ কৰিছিল৷ এই বৈঠকতে অসমে বহিঃৰাজ্যৰ পৰা প্লাম্বাৰ, ফিটাৰ, পাম্প অপাৰেটৰ আদি টেকনিকেল অপাৰেটৰসকলক আনি কামত নিয়োগ কৰিব লগা হোৱা বাবেও তেওঁ অসন্তুষ্টি প্রকাশ কৰিছিল৷ কিহৰ কাৰণে উত্তৰ প্রদেশ, বিহাৰ আদিৰ টেকনিকেল অপাৰেটৰৰ ওপৰত অসম নির্ভৰশীল হ’বলগীয়া হৈছে বুলিও প্রশ্ণ উত্থাপন কৰিছিল৷ কিয়নো কাৰিকৰী প্রশিক্ষণৰ বাবে কেন্দ্রীয় চৰকাৰে আঁচনিখনৰ অধীনত সুকীয়াকৈ পুঁজি আবণ্টন কৰিছিল৷ যি পুঁজিৰে স্থানীয় যুৱক–যুৱতীক প্রশিক্ষণ প্রদান কৰি নিয়োগ কৰাৰ সুবিধা লাভ কৰিলেহেঁতেন৷ কিন্তু ইয়াকে নকৰি বহিঃৰাজ্যৰ পৰা টেকনিকেল অপাৰেটৰ আনি অসমত জল জীৱন মিছনৰ কাম–কাজত নিয়োগ কৰিবলগীয়া হৈছে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে৷ এই বৈঠকখনতে অংগনৱাড়ী কেন্দ্র আৰু বিদ্যালয়সমূহত জল জীৱন মিছনৰ অধীনত পানী যোগান ধৰিবলৈ ব্যর্থ হোৱা বাবেও তেওঁ অসন্তুষ্টি প্রকাশ কৰিছিল৷ যাৰ বাবে এক বিশদ প্রকল্প প্রতিবেদন প্রস্তুত কৰিবলৈ সেই বৈঠকতে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে নির্দেশ দিছিল৷

লক্ষণীয় যে ২০১৯ বর্ষৰ ১৫ আগষ্টত মুকলি কৰা এই মিছনৰ অধীনত ২০২৪ চনৰ ভিতৰত প্রতিটো পৰিয়ালক টেপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ স্বাভাৱিকতে অসমত মিছনৰ অধীনত কাম–কাজ যিধৰণে আগবাঢ়ি গৈছে, সেই হিচাপত ২০২৪ চনৰ ভিতৰত ১০০ শতাংশ পৰিয়ালক সামৰি ল’ব পাৰিবনে, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ একে সময়তে কেৱল ঘৰে ঘৰে টেপ সংস্থাপন কৰিয়েই দায়িত্ব সামৰিব নেকি সংশ্লিষ্ট বিভাগে? এয়াও সর্বসাধাৰণৰ মনত উত্থাপন হোৱা আন এক প্রশ্ণ৷ টেপ সংস্থাপনৰ বছৰ উকলি যোৱাৰ পাছতো পানী লাভ নকৰাত স্বাভাৱিকতেই সন্দিহান হৈ পৰিছে হিতাধিকাৰী পৰিয়ালসমূহ৷

You might also like