নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ত ৰাজ্য চৰকাৰৰ প্রথম বর্ষপূর্তিঃ খানাপাৰাত বিশাল সমাৱেশ উপস্থিত থাকিব গৃহমন্ত্রী অমিত শ্বাহ

  • অংশ ল’ব অসম আৰক্ষীলৈ আগবঢ়োৱা ‘প্রেচিডেণ্টছ কালাৰ এৱার্ড’ প্রদান অনুষ্ঠানত
  • জিএমচিএইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল–নতুন পুলিচ ৰিজার্ভ, কামৰূপ উপায়ুক্ত–গুৱাহাটী আৰক্ষী আয়ুক্তৰ কার্যালয়ৰ কামৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২ মে: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনৰ অহা ১০ মে’ত প্রথম বর্ষপূর্তি৷ যোৱা এটা বছৰত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা বিভিন্ন সংস্কাৰমুখী দৃঢ় পদক্ষেপৰ সফলতা, বিভিন্ন খণ্ডত হোৱা বৈপ্লৱিক পৰিৱর্তনকে ধৰি চৰকাৰখনৰ কাম–কাজ জনসাধাৰণক অৱগত কৰাৰ লগতে অনাগত দিনত চৰকাৰখনে ৰাজ্যখনৰ শান্তি আৰু প্রগতিৰ বাবে গ্রহণ কৰা লক্ষ্য আৰু কার্যপন্থাও সেই বর্ষপূর্তি অনুষ্ঠানতেই ঘোষণা কৰিব৷ ইয়াৰ বাবে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিছে বিশেষ ৰাজহুৱা সভাৰ৷ এই বর্ষপূর্তি অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অংশগ্রহণ কৰিব৷

ৰাজ্য চৰকাৰখনৰ বর্ষপূর্তি উপলক্ষে সেই দিনা ৰাজ্যিক বিজেপিয়ে খানাপাৰাত আয়োজন কৰা বিশাল ৰাজহুৱা সভাখনত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে সম্বোধন কৰিব৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে খানাপাৰাত আয়োজন কৰা ৰাজহুৱা সভাখনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাষণ দিব৷ তদুপৰি দেশৰ ৰাষ্ট্রপতিয়ে অসম আৰক্ষীক বিৰল সন্মানেৰে বিভূষিত কৰিছে৷ প্রেচিডেণ্টছ কালাৰ এৱার্ড প্রদান অনুষ্ঠানতো সেই দিনা পুৱা ১০ বজাত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে অংশগ্রহণ কৰিব৷ একেদৰে গুৱাহাটীত নেচনেল ফৰেনছিক ইনষ্টিটিউটৰ কামৰো কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে শুভাৰম্ভ কৰিব৷ ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, নতুন পুলিচ ৰিজার্ভ, কামৰূপৰ উপায়ুক্তৰ কার্যালয়, গুৱাহাটী আৰক্ষী আয়ুক্তৰ কার্যালয়, একেলগে তিনি হাজাৰতকৈ অধিক মানুহ বহি অনুষ্ঠান উপভোগ কৰিব পৰা এটা অডিট’ৰিয়াম নির্মাণৰ কামৰ শুভাৰম্ভকে ধৰি কেইবাটাও নতুন কামৰ শুভাৰম্ভ কৰিব৷

 

You might also like