নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ নতুন আঁচনি ‘অভিনন্দন’ শুভাৰম্ভণি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ উপস্থিতিত কলাক্ষেত্ৰত মুকলি কৰা হয় এই অভিলাষী আঁচনিখন। এই আঁচনিখনৰ দ্বাৰা ১,৫৪৬ গৰাকীয়ে ৫০ হাজাৰ টকা এককালীন ৰাজ সাহায্য লাভ কৰিব লগতে শৈক্ষিক ঋণত ৫০ হাজাৰ টকাৰ এককালীন সাহায্যও লাভ কৰিব। উচ্চ শিক্ষাৰ বাবে আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে এই ধন আগবঢ়োৱা হ’ব।