ৰাণা পগাগৰ প্ৰৱঞ্চনাত প্ৰত্যক্ষ সহযোগত গ্ৰেপ্তাৰ SI জোনমনি ৰাভাঃ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ৪ জুন: মাজুলীৰ বহু কেইজন ব্যৱসায়িক পতাৰনা কৰা প্ৰৱঞ্চক ৰানাক
সহযোগিতা কৰি আৰক্ষীৰ জালত পৰা আৰক্ষীৰ উপ পৰিৰ্দশক জোনমনি ৰাভাক আজি তিনিটা দিনে বাৰ/তেৰ ঘন্টাকৈ চলোৱা জেৰাৰ অন্তত আজি মাজুলী আৰক্ষীয়ে গেপ্তাৰ কৰে উপ পৰিৰ্দশক গৰাকীক। এছ আই জোনমনি ৰাভাৰ হবলগীয়া স্বামী ৰাণা পগাগ আৰু জোনমনি ৰাভাৰ বিৰুদ্ধে মাজুলীৰ তিনি ব্যৱসায়ীয়ে আজিৰ পৰা প্ৰায় ২৫ টা দিনৰ পূৰ্বে গড়মূৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাণাক নগাঁৱৰ পৰা যোৱা ১৮ মে’ত মাজুলী আৰক্ষীয়ে জিম্মাত লৈ ৭ দিনৰ জেৰাৰ অন্তত যোৱা ২৭ মে’ত আদালতৰ যোগেদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও জোনমনি ৰাভাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা দুৰ্বল আছিল। এই সন্দৰ্ভত ‘নিয়মীয়া বাৰ্তাত ধাৰাবাহিক বাতৰি প্ৰকাশ পোৱাৰ পিছত অৱশেষত আৰক্ষীয়ে জোনমনিক মাজুলীলৈ তলৱ কৰিবলৈ বাধ্য হয় ৷
এই সূত্ৰে যোৱা ২ জুনত গড়মূৰ থানাত উপস্থিত হোৱা জোনমনি ৰাভাক মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাই দুগৰাকীকৈ অভিযোগকাৰীক মুখামুখিকৈ বহুৱাই জেৰা চলাই। প্ৰথম দিনাৰ জেৰাৰ পিছত জোনমনিৰ সন্দৰ্ভত আৰক্ষীৰ ভূমিকা সন্দেহ জনক হোৱাত সৰৱ হৈ উঠে মাজুলীৰ সংবাদ মাধ্যমে দ্বিতীয় দিনা অৰ্থাৎ যোৱাকালিও জোনমনি ৰাভাক দুই ভুক্তভোগী ব্যৱসায়িক একেলগে বহুৱাই ডেৰ ঘন্টাৰ জেৰাৰ অন্তত মাজুলীৰ আৰক্ষী অধীক্ষকে বেংক বিষয়া, বিভিন্ন জনৰ সাক্ষী গ্ৰহণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়াত গাফিলতি নহয় বুলি মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে যোৱাকালি গড়মূৰ স্থিত কানাড়া বেংকৰ মেনেজাৰ গৰাকীক আৰক্ষীয়ে গড়মূৰ থানাত গোচৰ সংক্ৰান্তীয় কথাত সোধা পোছা কৰে। সন্ধিয়াৰ ভাগলৈ জোনমনি ৰাভাৰ এক্সিচ বেংকৰ 921010021109554 একাউন্ট নম্বৰত আৰু কানাড়া বেংকৰ 6764101002459 নম্বৰৰ একাউন্টত মুঠ ২০,৪৭,৫৮৮ টকাৰ লেনদেন ধৰা পৰে। এই তথ্যৰ পিছতেই জোনমনিৰ গ্ৰেপ্তাৰৰ নিশ্চয়তা বাঢ়ি গৈছিল।
আজি তৃতীয় দিনা জোনমনিক গড়মূৰ থানাত পুৱা ১০.৩০ বজাৰ পৰা জেৰা কৰাৰ অন্তত মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাই কয় যে- জোনমনিৰ বিৰুদ্ধে বিভিন্ন তথ্য প্ৰমাণ পোৱা গৈছে। প্ৰয়োজনত জোনমনি ৰাভাক গ্ৰেপ্তাৰ কৰা হব পাৰে বুলি মন্তব্য কৰাৰ পিছত জোনমনি ৰাভাক গড়মূৰ থানাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ২০১৮ চনত এছ আই হিচাপে চাকৰি জীৱন আৰম্ভ কৰা থানা খনতেই গ্ৰেপ্তাৰ হবলগীয়া হোৱা জোনমনি ৰাভাক থানাতে চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰোৱা অন্তত আদালতলৈ নিয়াৰ বাবে আৰক্ষীয়ে জো-যা চলায় যদিও থানাতে জোনমনিৰ মাতৃ আৰু জোনমনি কান্দোনত ভাগি পৰে।
ইয়াৰ পিছতে দিনৰ ২.১৭ বজাত জোনমনিক মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে।আদালতলৈ নিয়াৰ সময়ত জোনমনিয়ে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ। ৰাণা পগাগে মোৰ লগত বিশ্বাসঘাটকতা কৰিলে বুলি চিঞৰি চিঞৰি মন্তব্য কৰে। ইয়াৰ পিছতেই জামিন বিহীন ধাৰাত অভিযুক্ত জোনমনি ৰাভাক মাজুলী জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। খাকী পোছাকত কলংকিত কৰা অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমনি ৰাভাক গ্ৰেপ্তাৰ কৰি মাজুলী আৰক্ষীয়ে আইন যে সকলোৰে বাবে সমান তাক প্ৰতীয়মান কৰিলে।
উল্লেখযোগ্য যে ৰাণাই ব্যৱসায়ী অজিত বৰাক ONGC ৰ দুটা ভূৱা কামৰ ৱৰ্ক অৰ্ডাৰ দিয়াৰ লগতে জোনমনি আৰু ৰাণাৰ জড়িয়তে ONGC ৰ বিভাগৰ পেডত ভুৱা চিল মোহৰ মাৰি ব্যৱসায়ী বৰাক Work order letter no EE / ONGC /CSR /81-1(A) 2019-20 আৰু 4) Work order letter no.EE/ONGC/CSR/82-1(A)2019-20 নম্বৰৰ ভূৱা অৰ্ডাৰ মতেই বেংক একাউণ্ট খুলিবলৈ দিছিল বুলি অভিযোগ উঠিছিল। উল্লেখযোগ্য যে প্ৰৱঞ্চক এটাৰ সৈতে মিলি অ এন জি চিত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মস্যাৎ কৰাৰ কামত জড়িত হোৱাৰ স্পষ্ট অভিযোগ দি মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত এছ আই জোনমনি ৰাভাক মূল অভিযুক্ত হিচাপে উল্লেখ কৰিছিল। প্ৰৱঞ্চক ৰাণা পগাগে মাজুলীৰ ক্ৰমে ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ ৪৬ হাজাৰ আৰু অজিত বৰাৰ পৰা ১৩ লাখ ৭২ হাজাৰ টকা, ৰঞ্জন কুটুমৰ পৰা ২৫ লাখ টকা প্ৰৱঞ্চনাৰে নিয়াৰ সমগ্র ঘটনা ক্ৰমত জোনমনি জড়িত থকাৰ বিষয়ে লিখিত অভিযোগ দাখিল কৰিছিল।
ইয়াৰ উপৰিও প্ৰৱঞ্চনাৰে ৰাণা পগাগে লোৱা ধন জোনমনিয়ে নিজে হাতে গনি লোৱাৰ সন্দৰ্ভতো এজাহাৰত উল্লেখ আছিল। প্ৰৱঞ্চক ৰাণাৰ দেউতাকৰ নামৰ এখন ইনভা গাড়ীও জোনমনিয়ে দেউতাকৰ পৰা ভয় ভাবুকিৰে লিখাই লোৱাৰো এক অভিযোগ আছিল। ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা, অজিত বৰাই যোৱা ১০ মে’ত আৰু ৰঞ্জন কুটুমে ১৩ মে’ত গড়মূৰ থানাত ৰুজু কৰা ক্ৰমে 20/22, 21/22 U/S 120(B)/170/406/419/420/468/471/472 IPC,22/22 US 120-B/170/406/419/420 IPC ধাৰাৰ গোচৰৰ ভিত্তিত আজি জোনমনি ৰাভাকো জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি আদালতৰ জড়িয়তে জেললৈ প্ৰেৰণ কৰে। ইফালে একে কেইটা গোচৰত মাজুলী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জোনমনিৰ ভাবী স্বামী তথা প্ৰৱঞ্চক ৰাণা পগাগক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও অ এন জি চিৰ দৰে এটা বিশ্বাসযোগ্য নিগমৰ ল’গ ব্যৱহাৰ কৰি ভুৱা আই কাৰ্ড, চীল মোহৰ আৰু ভুৱা জন সম্পৰ্কৰক্ষী বিষয়া হিচাপে কৰা এই প্ৰৱঞ্চনাৰ পিছতো অ এন জি চি কতৃপক্ষই আজিকোপতি মৌনতা অৱলম্বন কৰাত বিভিন্ন জনে ৰহস্যৰ গন্ধ পাইছে। ইফালে তিনিগৰাকীকৈ ব্যৱসায়ীয়ে কোটি টকাৰ বাবে দিয়া লাখ টকাৰ আগধনৰ বিষয়টোত আই কৰ বিভাগে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াও পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব।
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড