নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰান্ধনীৰ ৰন্ধন গেছত চকু মাইক্র’ফাইনেঞ্চৰঃ কিস্তিৰ ধন নাপাই নিলে চিলিণ্ডাৰ

নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মাইক্র’ফাইনেঞ্চ কোম্পানীৰ দৌৰাত্ম্য অব্যাহত আছে ৷ গাঁৱৰ মহিলাক স্বাৱলম্বী কৰাৰ নামত অত্যধিক সুদত জধেমধে ঋণ দিয়াৰ ফলত সর্বস্বান্ত হৈছে গাঁৱৰ মহিলাসকল ৷ কিস্তি সময় মতে দিব নোৱাৰাৰ বাবে একাংশ মহিলাই আত্মহত্যা কৰাৰ বিপৰীতে আন একাংশই ঘৰ এৰি পলাই যোৱাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ কিছুমানৰ ঘৰৰ সামগ্রীও বলপূর্বক উঠাই নিছে ৷ যোৱা ২২ নৱেম্বৰত জিলাখনৰ সাপেখাতী অঞ্চলৰ প্রদীপ মালাকাৰৰ ঘৰত মাইক্র’ফাইনেঞ্চ কোম্পানীৰ লোক সোমাইRGVN ৰ কিস্তি দিব নোৱাৰাৰ বাবে জ্বলি থকা চিলিণ্ডাৰটো বলপূর্বক উঠাই লৈ যায় ৷ চৰকাৰীভাৱে পোৱা চিলিণ্ডাৰটো এতিয়াও ওভতাই দিয়া নাই বুলি মালাকাৰ দম্পতীয়ে জনাইছে ৷ প্রদীপ মালাকাৰ আৰু পত্নী ৰুমা মালাকাৰে এই সন্দর্ভত চৰাইদেউ জিলাৰ উপায়ুক্তলৈ স্মাৰক–পত্র প্রেৰণ কৰি বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ৷ আনহাতে, সোণাৰি আৰক্ষী থানাৰ অন্তর্গত ভজো পঞ্চায়তৰ টীয়ক অঞ্চলৰ বিজুমণি দত্ত আৰু স্বামী ৰাজীৱ দত্তই কিস্তিৰ ধন দিব নোৱাৰি ঘৰ এৰি পলাই যোৱা বুলি জানিব পৰা গৈছে ৷ মাইক্র’ফাইনেঞ্চ কোম্পানীৰ লোকে বিজুমণি দত্তৰ পৰা পাব লগা টকা বিচাৰি ডাবি–ধমকি দি লগৰ গোটৰ কবিতা গগৈ, মমী গগৈ, সোণালী গড, ভলী সত্রামীৰ পৰা বলপূর্বক আদায় লয় ৷ এই সন্দর্ভত গোটৰ মহিলাকেইগৰাকীয়ে চৰাইদেউ জিলাৰ উপায়ুক্তলৈ স্মাৰক–পত্র প্রেৰণ কৰি বিজুমণি দত্তৰ নামত দিয়া কিস্তিৰ ধন ওভতাই বিচাৰিছে ৷

You might also like