নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰানৰ জোৱাৰ উঠিব বর্ষাপাৰাতঃ বিৰাট কোহলি

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ  দুবছৰ পূর্বে অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলা টি–২০ত টীম ইণ্ডিয়াই বর্ষাপাৰা ষ্টেডিয়ামত ৰানৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল যদিও এইবাৰ এই ষ্টেডিয়ামত ৰানৰ জোৱাৰ উঠাৰ আশা কৰিছে বিৰাট কোহলিয়ে৷

শনিবাৰে সংবাদ মেলত তাৰকাগৰাকীয়ে কয় যে বর্ষাপাৰাৰ উইকেটক লৈ তেওঁ অত্যন্ত সুখী আৰু উইকেটে বেটছমেনক সহায় কৰিব৷ দেওবাৰে শ্রীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া প্রথম টি–২০ত বলাৰে প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলিও অধিনায়ক কোহলিয়ে উল্লেখ্য কৰে৷

ইফালে, টি–২০ ক্রিকেটত এক বিৰল অভিলেখ স্থাপনৰ দিশত অগ্রসৰ হৈছে অধিনায়ক কোহলি৷

আজি তেওঁ ১ ৰান সংগ্রহ কৰিলেই টি–২০ ক্রিকেটৰ সর্বাধিক ৰান (২,৬৩৪) সংগ্রহকাৰী হিচাপে চিহ্ণিত হ’ব৷ এইক্ষেত্রত তেওঁ সতীর্থ ৰোহিত শর্মাক অতিক্রম কৰিব৷

You might also like