নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য ব্যৱস্থাপনাঃ ৰাজ্যত ১.২৩ কোটি লোকক ক’ভিড ভেকচিন প্রদান

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ  ক’ভিড পৰিস্থিতিয়ে ৰাজ্যত সৃষ্টি কৰা জটিলতাৰ মাজতেই যোৱা ১০ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কার্যভাৰ গ্রহণ কৰাৰ পাছত ১০০ দিন সম্পূর্ণ কৰিলে৷ ক’ৰোনাকেন্দ্রিক পৰিৱেশ তথা আন কেইবাটাও সমস্যাই মূৰ দাঙি থকাৰ পাছতো বিগত ১০০টা দিনত স্বাস্থ্যখণ্ডত চৰকাৰখনে অভাৱনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ সংক্রমণৰ ভয়াৱহতাৰ পাছতো ৰাজ্যৰ আর্থিক দিশৰ প্রতি লক্ষ্য ৰাখি সম্পূর্ণ লকডাউন নিদিয়াকৈ স্বাস্থ্য বিভাগে যোৱা সময়ছোৱাত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণ কৰিব পৰাটো আছিল বৃহৎ সাফল্য৷

যি সময়ত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৰ বাবে দেশৰ কেইবাখনো ৰাজ্যই সম্পূর্ণ লকডাউন দিবলৈ বাধ্য হৈছিল, তেনে সময়ত অসমত আংশিক লকডাউনেৰে প্রতিখন জিলাৰ ক’ৰোনা পৰিৱেশ নিয়ন্ত্রণত সফল হৈছিল স্বাস্থ্য বিভাগ৷ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ কার্যকালত স্বাস্থ্য বিভাগৰ দায়িত্ব চম্ভালা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত চিকিৎসা খণ্ডৰ যি আন্তঃগাঁথনি উন্নয়ন তথা স্বাস্থ্য ব্যৱস্থাপনা আনিছিল, তাৰ ফলতেই দ্বিতীয় ঢ়ৌৱে ৰাজ্যত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিব নোৱাৰিলে৷

এই সময়ছোৱাত বর্তমানৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ক’ৰোনা পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত তৎপৰতাও আছিল যথেষ্ট গুৰুত্বপূর্ণ৷ যোৱা সময়ছোৱাত সম্পূর্ণ লকডাউনৰ পৰিৱর্তে স্বাস্থ্য বিভাগে ১২,৫০০টা মাইক্র’ কণ্টেইনমেণ্ট জ’ন স্থাপন কৰি ক’ভিড নিয়ন্ত্রণত সফলতা লাভ কৰিছিল৷ ইয়াৰে ৩,১২০টা মাইক্র’ কণ্টেইনমেণ্ট জ’ন নগৰ অঞ্চলত আৰু ৯,৪০০টা গ্রামাঞ্চলত স্থাপন কৰা হৈছিল৷ ক’ৰোনাকেন্দ্রিক পৰিস্থিতি নিয়ন্ত্রণত বিভাগটোৱে দেখুওৱা তৎপৰতাৰ বাবেই যোৱা ১১ মে’ত ৬,২৫৮গৰাকী পজিটিভ ৰোগীৰ পৰা এই সংক্রমণ ১৯ আগষ্টত হ্রাস পাই ৭১৩গৰাকী হৈছে৷ সেয়াই নহয়, এই সময়ছোৱাত পজিটিভিটীৰ হাৰ ৯.১৩ শতাংশৰ পৰা ০.৭৪ শতাংশলৈ হ্রাস পাইছে৷ স্বাস্থ্য বিভাগৰ এই ১০০ দিনীয়া সফলতাৰ অন্যতম দিশটো হ’ল এইপর্যন্ত ৰাজ্যৰ ১.২৩ কোটি লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে প্রথম পালি টিকা লোৱা লোকৰ সংখ্যা ১.০২ কোটি আৰু দ্বিতীয় পালি লোৱা লোকৰ সংখ্যা হ’ল ২১.৫ লাখ৷

বিগত ১০ দিনত দৈনিক প্রায় ১.৮ লাখ লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷ ভেকচিনৰ সামগ্রী অপচয়ৰ পৰিমাণ –২.৩ শতাংশলৈ উন্নীত হৈছে (ক’ভিশ্বিল্ড –৪.২২ শতাংশ আৰু ক’ভাক্সিন –০.৪ শতাংশ)৷ ইয়াৰ ফলত ১১সংখ্যক পালি প্রদান কৰিবলৈ সক্ষম হৈছে স্বাস্থ্য বিভাগ৷ যাৰ বাবে অতিৰিক্ত ৪ লাখ পালি ভেকচিন প্রদান কৰা হৈছে৷ স্বাস্থ্য বিভাগৰ আন এক উল্লেখযোগ্য দিশ হ’ল যে বিগত তিনি মাহত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত আই চি ইউ বিছনাৰ সংখ্যা ৭৯৩ৰ পৰা ১,৩০৮লৈ বৃদ্ধি পাইছে৷ একেদৰে জিলা চিকিৎসালয়সমূহত এই সংখ্যা ১৪৫ৰ পৰা ২৩০লৈ বৃদ্ধি পাইছে৷

ইতিমধ্যে ১০০খন বিছনাযুক্ত আই চি ইউৰ সুবিধাৰ সৈতে সৰুসজাই ষ্টেডিয়াম চৌহদত ৩০০ বিছনাযুক্ত এখন ক’ভিড চিকিৎসালয় নির্মাণ কৰা হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত ক’ভিড ৰোগীৰ বাবে ২০০খন বিছনাযুক্ত নতুন আই চি ইউ ব্লক, ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২৫০খন বিছনাযুক্ত নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১০০খন নতুন বিছনাযুক্ত আই চি ইউ স্থাপন কৰা হৈছে৷ আনহাতে সকলো চিকিৎসা মহাবিদ্যালয়ত তৰলীকৃত মেডিকেল অক্সিজেন টেংক আৰু অক্সিজেন উৎপাদন গোট গঢ়ি তোলা হৈছে৷ ১৩.৬৫ মেট্রিকটন উৎপাদন ক্ষমতাযুক্ত আন ১২টা মেডিকেল অক্সিজেন উৎপাদন গোট স্থাপন কৰা হৈছে৷ ১০২.৬২ মেট্রিকটন তৰলীকৃত মেডিকেল অক্সিজেন মজুতকৰণৰ ক্ষমতাযুক্ত আন দুখন অক্সিজেন সংৰক্ষণ কৰি ৰাখিব পৰা বাহনৰো ব্যৱস্থা কৰা হৈছে৷

ৰাজ্যখনত অতিৰিক্ত অক্সিজেন উৎপাদন গোট স্থাপনত উদগনি যোগোৱাৰ উদ্দেশ্যে মেডিকেল অক্সিজেন উৎপাদনৰ বাবে বিশেষ বিত্তীয় সাহায্য নীতি ২০২১ৰ জাননী জাৰি কৰা হৈছে৷ স্বাস্থ্য বিভাগৰ আন এক উল্লেখনীয় পদক্ষেপ হ’ল ক’ৰোনাৰ অতিমাৰীত বলি হোৱা পৰিয়ালসমূহলৈ সাহায্য প্রদান৷ মুখ্যমন্ত্রী শিশু সেৱা আঁচনিৰ জৰিয়তে ক’ভিডত নিজৰ পিতৃ–মাতৃক হেৰুওৱা অনাথ হোৱা প্রতিটো শিশুলৈ মাহে ৩,৫০০ টকাৰ আর্থিক সাহায্য প্রদান কৰাৰ উপৰি এটা লেপটপ আৰু ২৪ বছৰ বয়স ম্যাদপূর্ণ হোৱাকৈ ৭.৮১ লাখ টকাৰ ম্যাদী পত্র প্রদান কৰা হৈছে৷

সেইদৰে মুখ্যমন্ত্রীৰ বিধৱা সাহায্য আঁচনিৰ জৰিয়তে ক’ভিডত স্বামীহাৰা হোৱা প্রতিগৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন বিত্তীয় সাহায্য প্রদান কৰা হৈছে৷ এতিয়ালৈকে এই আঁচনিৰ অধীনত ৮৭৩গৰাকী হিতাধিকাৰীক অর্থসাহায্য আগবঢ়োৱা হৈছে৷ প্রার্থনা আঁচনিৰ জৰিয়তে ক’ভিডত প্রাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক এক লাখ টকাকৈ আর্থিক সাহায্য প্রদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে ১০০টা পৰিয়াল উপকৃত হৈছে৷ ক’ভিডকেন্দ্রিক জটিল পৰিৱেশ চম্ভালি লোৱা স্বাস্থ্য বিভাগে আন কেইবাটাও অগ্রগতিৰে স্বাস্থ্যখণ্ডলৈ ব্যাপক পৰিৱর্তন আনিবলৈ সক্ষম হৈছে৷ ইয়াৰে অন্যতম হ’ল গুৱাহাটীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত এডভান্সড ট’ম’ থেৰাপী আৰু ট্রু বিম লিনিয়াৰ এক্সেলেটৰ সা–সুবিধাযুক্ত নতুন ৰেডি’ থেৰাপী ইউনিট মুকলি কৰা হৈছে৷

ইফালে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নির্মাণকার্য প্রায় সম্পূর্ণ হৈছে আৰু মহাবিদ্যালয়খনৰ নামভর্তিৰ বাবে ৰাষ্ট্রীয় চিকিৎসা আয়োগৰ পৰা অনুমতি বিচৰা হৈছে৷ বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্য আৰম্ভ হৈছে৷ বাজেটত ঘোষণা কৰা অনুসৰি মৰিগাঁও, ধেমাজি, গোলাঘাট, বঙাইগাঁও আৰু তামুলপুৰত নির্মাণ হ’বলগীয়া ৫খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰা হৈছে৷ মৰিগাঁও আৰু ধেমাজি চিকিৎসালয়ৰ বাবেও যাৱতীয় ভূমি চিনাক্ত কৰা হৈছে৷ স্বাস্থ্য বিভাগৰ অন্যতম সংযোজন অটল অমৃত অভিযান আৰু আয়ুস্মান ভাৰত–প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ক্রমে ৫,৪০২গৰাকী আৰু ১,৮১১গৰাকী হিতাধিকাৰীক নগদবিহীন চিকিৎসা সুবিধা প্রদান কৰা হৈছে৷

You might also like