🔹 সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ নৱেম্বৰ : এইবাৰ ৰঙালী বিহুত প্রতিখন বিহু উদযাপন কমিটীলৈ ডেৰ লাখ টকাকৈ আগবঢ়াব ৰাজ্য চৰকাৰে৷ সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ উল্লেখ্য যে যোৱা কেইটামান বছৰৰ পৰা ৰাজ্য চৰকাৰে বিহু উদযাপন কমিটীসমূহক আর্থিক বৰঙণি আগবঢ়াই আহিছে৷ এইবাৰো পূর্বৰ সেই ধাৰা অব্যাহত ৰাখি বিহু কমিটীসমূহক ডেৰ লাখ টকাকৈ আগবঢ়াব৷ মন কৰিবলগীয়া এয়ে যে এই বছৰ ৰাজ্য চৰকাৰে তিনি বছৰৰ পুৰণা প্রতিখন দুর্গা পূজা কমিটীক বৰঙণি হিচাপে ১০ হাজাৰ টকাকৈ আগবঢ়াইছে ৷ একেদৰে ৰাজ্যৰ তিনি বছৰৰ পুৰণি ৩০০০ ৰাস উদযাপন কমিটীকো ২৫ হাজাৰ টকাকৈ বৰঙণি আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে৷ সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ চহকী সংস্কৃতিৰ সুৰক্ষা তথা প্রসাৰৰ দিশত চৰকাৰে গ্রহণ কৰা এই পদক্ষেপে বাপতিসাহোন বিহুটিক উলহ–মালহেৰে উদযাপন কৰাত বিশেষ ভূমিকা গ্রহণ কৰিব৷ এই বছৰটোত অসম চৰকাৰে পৰম্পৰাগত সাংস্কৃতিক কার্যসূচীৰ বাবে ৫০ কোটি টকা আবণ্টন দিছে৷ শেহতীয়াকৈ বিহু, সাংস্কৃতিক কার্যসূচী আদিৰ অনুমতিৰ ক্ষেত্রত চৰকাৰে মাচুল আদায়ৰ ব্যৱস্থাক লৈ একাংশই কৰা সমালোচনাৰ প্রত্যুত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিহু উদযাপনৰ অনুমতিৰ বাবে মাচুল হিচাপে ৩০০ টকা ধার্য কৰা হৈছে৷ অথচ একোখন বিহু কমিটীক বিহু উদযাপনৰ বাবে চৰকাৰে ডেৰ লাখ টকাকৈ আদায় দিব৷ এনে অৱস্থাত বিহু কমিটীসমূহে অনুমতিৰ মাচুল হিচাপে ৩০০ টকা দিয়াত আপত্তি কৰিবলগীয়া একো নাথাকিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই তাৎপর্যপূর্ণ মন্তব্য কৰে৷