নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ চামগুৰি থানাৰ সমীপৰ আৰু চামগুৰি চক্ৰ আৰক্ষী বিষয়া কাৰ্যালয়ৰ সন্মুখৰ এখন গেলামালৰ দোকানৰ পৰা আজি দিনদুপৰতে এজন লোকৰ পৰা এটা চোৰৰ দলে নগদ ধন লৈ উধাও হোৱা ঘটনাই চামগুৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে পুৰণিগুদাম নলবৰা গাৱঁৰ নিবাসী টংকেশ্বৰ শইকীয়া নামৰ লোকজনে আজি চামগুৰি টেষ্ট বেংকত থকা নিজৰ একাউণ্টৰ পৰা এক লাখ ষাঠি হাজাৰ টকা উলিয়াইছিল ৷ টকাখিনি বেংকৰ পৰা উলিয়াই বেংকৰ সন্মুখত থকা চামগুৰি চক্ৰ আৰক্ষী বিষয়া কাৰ্যালয়ৰ লগতে থকা এখন গেলামালৰ দোকানত টংকেশ্বৰ বৰা নামৰ লোকজনে ১২৫০০ টকা বাকী মাৰিবলৈ সোমাইছিল৷ উক্ত লোকজনে টকাখিনি সহ অন্য বস্তু থকা বেগটো দোকান খনৰ বাৰাণ্ডাত থকা এখন চকীত থৈ দোকানী জনে পাব লগা ধন দিয়াৰ লগতে আৰু দোকানৰ অন্য বস্তু লোৱাৰ সময়তে দুজন অচিনাক্ত লোকে দোকান খনত প্ৰেৱশ কৰি উক্ত বেগটো লৈ পুৰণিগুদামৰ দিশে উধাও হয় বুলি জানিব পৰা গৈছে ৷ এইক্ষেত্ৰত উক্ত লোকজনে চামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে দোকান খনত থকা চি চি টিভিৰ ফুটেজৰ জড়িতে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগতে আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা