নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১.৫৬ লাখ আত্মসহায়ক গোটক দিলে আর্থিক সাহায্য ৪,২৩৮ জীৱিকা সখীক স্কুটী প্রদান

ৰাজ্য চৰকাৰৰ চাৰি অভিলাষী আঁচনি মুকলি মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ মহিলা সবলীকৰণৰ লক্ষ্যৰে আজি চাৰিখন অভিলাষী আঁচনি মুকলি কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ ৪০ সহস্রাধিক মহিলাৰ উপস্থিতিত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে সৰুসজাই ক্রীড়া প্রকল্পত আয়োজন কৰা মহিলা সমাৰোহত এই আঁচনিকেইখন মুকলি কৰা হয়৷ আত্মনির্ভৰশীল অসম গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰা এই আঁচনিকেইখন হৈছে– বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা, জীৱিকা সখী এক্সপ্রেছ, আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি আৰু মুখ্যমন্ত্রীৰ দিব্যাংগজন আত্মনির্ভৰ আঁচনি৷ ইয়াৰে বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনাৰ অধীনত মুঠ ১,৫৬,২৪০টা আত্মসহায়ক গোটক প্রদান কৰা হ’ব অর্থ সাহায্য৷ এই আত্মসহায়ক গোটসমূহৰ ৮৮,২৪০টা আত্মসহায়ক গোটক মূলধনী ৰাজসাহায্য হিচাপে ৫০ হাজাৰ টকা আৰু ৬৮ হাজাৰ আত্মসহায়ক গোটক ২৫ হাজাৰ টকাকৈ ঘূর্ণীয়মাণ পুঁজি যোগান ধৰা হ’ব৷ ইফালে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত কর্মৰত জীৱিকা সখীসকলক অধিক কর্মমুখী কৰি তোলাৰ লক্ষ্যৰে আজি মুকলি কৰা হয় জীৱিকা সখী এক্সপ্রেছ আঁচনি৷ এই আঁচনিৰ অধীনত ৪,২৩৮গৰাকী জীৱিকা সখীক প্রদান কৰা হয় স্কুটী৷ একেদৰে বিবাহ বিচ্ছেদিত মহিলা আৰু অবিবাহিত মহিলাসকলৰ বাবে নতুনকৈ ৰূপায়ণ কৰা হৈছে আইদেউ সন্দিকৈ মহিলা সন্মান আঁচনি৷

এই আঁচনিৰ অধীনত বিবাহ বিচ্ছেদিত মহিলা, অথবা অবিবাহিত মহিলাসকলক মাহে ৩০০ টকাকৈ পেন্সন প্রদান কৰা হ’ব৷ একে সময়তে ৰাজ্যৰ দিব্যাংগসকলৰ সর্বাংগীণ উন্নয়নৰ বাবে ৰূপায়ণ কৰা হৈছে মুখ্যমন্ত্রী দিব্যাংগজন আত্মনির্ভৰ আঁচনি৷ এই নতুন আঁচনিখনৰ অধীনত দিব্যাংগসকলক এনৰেগাৰ অধীনত বহনক্ষম জীৱিকা আৰু উপার্জন সৃষ্টিৰ পথ প্রদান কৰা হ’ব৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে নাৰী শক্তি হৈছে শ্রেষ্ঠ শক্তি৷ বিশ্বৰ বুকুত এখন মহান সমাজ অথবা ৰাষ্ট্র নির্মাণ কৰিবলৈ হ’লে নাৰীক মর্যাদা আৰু অগ্রাধিকাৰ প্রদান কৰিব লাগিব৷ আর্থ–সামাজিক ৰূপান্তৰ সাধন কৰিবলৈ হ’লে নাৰীক শিক্ষা আৰু অর্থনৈতিকভাৱে শক্তিশালী কৰি তুলিব লাগিব৷ অসমৰ নাৰী সমাজৰ যথেষ্ট শক্তি আৰু সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ এই সম্ভাৱনাক বিকশাই তুলি শ্রেষ্ঠতা প্রতিপন্ন কৰাৰ বাবে কর্ম পথাৰত দৃঢ়তাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায়৷ এই প্রসংগত তেওঁ কয়– ‘অসমৰ মহিলা আত্মসহায়ক গোটসমূহে কম সময়ৰ ভিতৰতে সফলতা আহৰণ কৰিবলৈ সক্ষম হৈছে৷ দেশ আৰু বিদেশত অসমৰ মহিলা আত্মসহায়ক গোটসমূহে উৎপাদন কৰা সামগ্রীৰ যথেষ্ট চাহিদা বৃদ্ধি পাইছে৷ আত্মনির্ভৰশীল অসম নির্মাণ কৰাৰ ক্ষেত্রত মহিলাসকলে অগ্রণী ভূমিকা ল’ব লাগিব৷ ৰাজ্যৰ ৫৮ হাজাৰ আত্মসহায়ক গোটে ৯১৫ কোটি টকাৰ ব্যৱসায় কৰি নিজৰ সামর্থ্য প্রকাশ কৰিছে৷’

ইফালে কংগ্রেছৰ ৫৫ বছৰীয়া শাসনকালত অসম তথা উত্তৰ–পূর্বাঞ্চল অৱহেলিত হৈ আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে এইবুলিও কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে মহিলাৰ দক্ষতা বিকাশৰ বাবে লোৱা পদক্ষেপে নাৰী সমাজৰ মানসিকতাৰ পৰিৱর্তন সাধন কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বেটী বচাও, বেটী পঢ়াও কার্যসূচী গ্রহণ কৰি ভাৰতত নাৰী সবলীকৰণৰ এক শক্তিশালী যাত্রা আৰম্ভ কৰে৷ নাৰীৰ যোগ্যতা, দক্ষতা, সততা আৰু বিশ্বাসয্যোগ্যতাৰ প্রতি আন্তৰিকতাৰে সহযোগ আগবঢ়ালে দেশ তথা ৰাষ্ট্রৰ প্রগতি ত্বৰান্বিত হয়৷ সভাখনত ভাষণ প্রদান কৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেই কয় যে মহিলাসকল যাতে স্বনির্ভৰশীল আৰু মর্যাদা সহকাৰে জীয়াই থাকিব পাৰে, তাৰ বাবে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি গ্রহণ কৰিছে৷ গ্রাম্য অর্থনীতি টনকিয়াল কৰাৰ ক্ষেত্রত নাৰী সমাজে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ এই আঁচনিসমূহৰ জৰিয়তে মহিলাসকলৰ সর্বাংগীণ উন্নয়নৰ পথ প্রশস্ত হ’ব বুলি তেওঁ উল্লেখ কৰে৷ কৃষিমন্ত্রী অতুল বৰাই সভাখনত ভাষণ প্রদান কৰি কয় যে স্বাধীনতাৰ পাছত প্রথমবাৰৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে মহিলা সবলীকৰণৰ বাবে শক্তিশালী পদক্ষেপ লৈছে৷ অসমীয়া নাৰীয়ে ত্যাগ আৰু জাতীয়তাবোধৰ আদর্শ প্রতিষ্ঠা কৰি গৈছে বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে আত্মসহায়ক গোটসমূহক চৰকাৰী ধনৰ সঠিক প্রয়োগ কৰিবলৈ আহ্বান জনায়৷ মহিলা সমাৰোহত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসে আদৰণী ভাষণ প্রদান কৰে৷ বিভাগটোৰ প্রধান সচিব জে বি এক্কাই আঁচনিকেইখন সন্দর্ভত ভাষণ আগবঢ়ায়৷ আজিৰ সভাত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিধায়ক অতুল বৰা, ৰমেন্দ্রনাৰায়ণ কলিতা, বিনন্দ কুমাৰ শইকীয়া, নৱনীতা সন্দিকৈ, সুমন হৰিপ্রিয়া উপস্থিত থাকে৷ আজিৰ সভাখনতে ‘অসমৰ গ্রামোন্নয়ন ঃ এক অবিৰত যাত্রা’ শীর্ষক এখন গ্রন্থও উন্মোচন কৰা হয়৷

You might also like