নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : বিলাসীপাৰাৰ ফুটকিবাৰীত যোৱানিশা পুনৰ মাৰণাস্ত্ৰসহ দুৰ্ধৰ্ষ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ফুটকিবাৰী অঞ্চলত যোৱানিশা দুই দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই ধনদাবী কৰিবলৈ লৈছিল। এনে সময়তে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলায়।বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম আৰক্ষীৰ অভিযানকাৰী দলটোৱে ধনবাদী কৰিবলৈ অহা দুই দুৰ্বৃত্তৰ এজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকজন নীলচান আলী (৩৮) বুলি চিনাক্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত নীলচানৰ ঘৰ চাপৰ থানাৰ অন্তৰ্গত টিলাপাৰাত বুলি প্ৰকাশ কৰিছে। নীলচানৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 7.65 mm পিষ্টল, চাৰি জাঁই সক্ৰিয় গুলী আৰু বগা ৰঙৰ এখন মাৰুতি ছুইফ্ট। ধৃত নীলচানক আৰক্ষীয়ে মাৰাথন জেৰা চলাই থকাৰ লগতে দ্বিতীয়টো দুৰ্বৃত্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে সাপটগ্ৰাম থানাৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত পুনৰ সক্ৰিয় হৈছে মাৰণাস্ত্ৰধাৰী দুৰ্বৃত্ত। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে মাৰণাস্ত্ৰসহ কেইবাজনো দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰি জে’ললৈ প্ৰেৰণ কৰিছে। কালি নিশা ঘটনাৰ পুনৰাবৃত্তি ঘটাটোৱে সচেতন মহলক শংকিত কৰি তুলিছে। সেয়ে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সচেতন মহলে চৰকাৰৰ ওচৰত দাবী জনাইছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা