নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটিয়াত নকল সোণসহ গ্ৰেপ্তাৰ ১

বাৰ্তা ব্যুৰ’, ৯ জুলাই : গোৱালপাৰা জিলাৰ মাটিয়া বজাৰত যোৱানিশা আৰক্ষীয়ে নকল সোণসহ নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।  মাটিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম ইমান হুছেইন । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নকল সোণৰ ব্যৱসায়ীজনৰ ঘৰ গোৱালপাৰা জিলাৰ  পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত ৰাম হৰি চৰত বুলি জানিব পৰা গৈছে। মটিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰীয়ে এক গোপন সূত্ৰৰ পম খেদি এদল আৰক্ষীৰ সৈতে মাটিয়া বজাৰত  অভিযান চলাই  নকল সোণৰ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে যুৱকজনৰ পৰা চাৰিটুকুৰা সোণ উদ্ধাৰ কৰে। আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ীজনৰ পৰা উদ্ধাৰ কৰা নকল সোণখিনিৰ ওজন ১১১১.১৩ গ্ৰাম । চিনেমাৰ কায়দাৰে যুৱকজনৰ পৰা নকল সোণ জব্দ কৰাত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে মাটিয়া আৰক্ষী বিষয়াক প্ৰশংসা কৰে ৰাইজে। উল্লেখ্য যে ড্ৰাগছ, নকল সোণৰ লগতে বৃহত্তৰ মাটিয়া অঞ্চলত কেতবোৰ অসামাজিক কাৰ্যাকলপাৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানে ৰাইজক যথেষ্ট সকাহ দিয়া পৰিলক্ষিত হৈছে।

 

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like