নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ৮ কোটি ৫০ লাখ টকাৰ হেৰ’ইনসহ আটক ১

নিয়মীয়া বাৰ্তা, ৭ জুন : কাছাৰ আৰক্ষীয়ে গোপন তথ্যৰ পম খেদি অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ ধলাই বিঅ’পিৰ অন্তৰ্গত ধলাই খালত অভিযান চলাই এজন সৰবৰাহকাৰীৰ পৰা প্ৰায় ১ কেজি ৭০০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰীটোৰ নাম আব্দুল আহাদ লস্কৰ (৩৩)। ঘৰ ধলাইৰ জামালপুৰত। আৰক্ষীয়ে হেৰোইন সৰবৰাহকাৰীটোৰ পৰা ১৩৯টা চাবোনৰ কেছত হেৰোইনখিনি উদ্ধাৰ কৰে । চাবোনৰ কেছৰ পৰা উদ্ধাৰকৃত হেৰোইনখিনিৰ মূল্য প্ৰায় ৮ কোটি ৫০ লাখ টকা। শিলচৰত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে আমি চোৰাং সৰবৰাহকাৰীক আটক কৰাৰ বাবে বিশেষ প্ৰচেষ্টা চলাইছোঁ আৰু ইমান বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। সৰবৰাহকাৰীটোক জেৰা অব্যাহত আছে বুলি তেওঁ উল্লেখ কৰে। বৃহৎ পৰিমাণৰ নিচাজাতীয় ড্ৰাগছ জব্দ কৰা বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাক প্ৰশংসা কৰিছে।

You might also like