নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ৯ কোটি টকাৰ য়াবা টেবলেটসহ আটক ১

নিয়মীয়া বাৰ্তা, ২৮ জুলাই : কাছাৰ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। দেওবাৰে কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, এক বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে কালি সন্ধিয়া ধলাই থানাৰ অধীনস্থ কাটাখাল অঞ্চলত নিচাজাতীয় দ্ৰব্য পৰিবহণৰ বিৰুদ্ধে এক বিশেষ অভিযান চলাই এজন ব্যক্তিক আটক কৰি তেওঁৰ পৰা ৩০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰে । আৰক্ষী অধীক্ষকে কয় যে অভিযানত আব্দুল আলিম লস্কৰ (৪২) নামৰ সৰবৰাহকাৰীটোক আটক কৰা হৈছে । ধৃত আলিমৰ ঘৰ সপ্তগ্ৰাম, ধলাইত। ক’লা বজাৰত এই নিচাজাতীয় টেবলেটৰ মূল্য প্ৰায় ৯ কোটি টকা হ’ব। এই সন্দৰ্ভত অবৈধ পৰিবহণত ব্যৱহৃত এখন স্কুটী জব্দ কৰা হৈছে। মিজোৰামৰ আইজলৰ পৰা অবৈধভাৱে কঢ়িয়াই অনা হৈছিল এই নিচাজাতীয় য়াবা টেবলেটখিনি ৷ ইয়াৰ ওপৰত অধিক তদন্ত চলি আছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে। ইপিনে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ আৰক্ষীৰ এই অভিযানক প্ৰশংসা কৰি সামাজিক মাধ্যমযোগে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like