নিয়মীয়া বাৰ্তা, ১৬ মে’ : ৰূপহীহাটৰ কাৱৈমাৰীত আজি পুৱাৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক আৰু গুৰুতৰভাবে আহত হয় আন এজন লোক। কাৱৈমাৰী আৰক্ষী পহৰা চকীৰ এলেকাৰ পুথিখাইতীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। এজন তীব্ৰবেগী উদণ্ড বাইক চালকে খুন্দিয়াই জাকিৰ হুছেইন নামৰ এজন চাইকেল আৰোহীক। যাৰ ফলত থিতাতে নিহত হয় চাইকেল আৰোহী জাকিৰ হুছেইন।উদণ্ড বাইক চালকজন কাৱৈমাৰীৰ ইনামূল হক বুলি জানিব পৰা গৈছে। ৰাইজৰ তৎপৰতাত বাইক চালকক আটক কৰি কাৱৈমাৰী আৰক্ষীক গতাই দিয়া হয়। বাইক আৰোহীজন গুৰুতৰভাৱে আহত হোৱাত কাৱৈমাৰী এফ আৰ ইউত ভৰ্তি কৰায় যদিও অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত নিহত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ এএছ-০২ এপি-৪৭১৪।
প্ৰেৰক জহিৰুল ইছলাম