নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত বাইকৰ মুখামুখি সংঘৰ্ষত নিহত ১, আহত ৪

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত বালিডোংগাত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন নিহত হোৱাৰ লগতে শিশুসহ চাৰিজন আহত হয়। দুই বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে নিহত হয় ছাইদুল ইছলাম (১৬)। আহত কেইগৰাকী হ’ল বাবু শ্বৰিফ (২৫), হাবিব কাওচাৰ (৫), মুক্তাৰ হুছেইন (১৯), ৰমজান আলী (৬৫)। দুৰ্ঘটনা সংঘটিত কৰা বাইক দুখনৰ নম্বৰ AS-01FL-9768 KTM, AS-02AK-2974 হোণ্ডা বাহন। ঘটনা সন্দৰ্ভত ভূৰাগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহন দুখন জব্দ কৰে। আহতকেইজনক লগে লগে ভূৰাগাঁও পৰিপূৰক চিকিৎসালয়ত নিয়ে যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক আবুল কালাম

You might also like