১ লাখক নিযুক্তিঃ বিধানসভাত ৰিক্রুইটমেণ্ট কমিছন গঠনৰ আইন
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ আজিৰ পৰা আৰম্ভ হ’বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনখন বিভিন্ন দিশৰ পৰা গুৰুত্বপূর্ণ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই অধিৱেশনতে পৰিপূৰক দাবী মঞ্জুৰি উত্থাপন হ’ব, অসম আৰক্ষী আইনৰ সংশোধন হ’ব৷ তদুপৰি ৰাজ্য চৰকাৰে প্রথম বছৰটোৰ ভিতৰতে এক লাখ নিবনুৱাক যি চাকৰি দিয়াৰ ঘোষণা কৰিছিল, সেয়া কার্যকৰী কৰাৰ বাবে এই অধিৱেশনতে ৰিক্রুইটমেণ্ট কমিছন গঠনৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ লগে লগে এক লাখ নিবনুৱাৰ নিযুক্তি প্রক্রিয়াটো আগবাঢ়ি যাব৷ ফলত নিযুক্তিৰ পথ প্রশস্ত হ’ব৷ আগতে নিযুক্তি দিয়া হ’ব বুলি কোৱা হৈছিল যদিও এনেধৰণৰ ব্যৱস্থা নাছিল৷ এয়া আটাইতকৈ ভাল খবৰ৷ সেইদৰে গো–সুৰক্ষা আইনৰো এই অধিৱেশনতে সংশোধনী আনি গো সৰবৰাহত ব্যৱহূত জব্দ কৰা যান–বাহনসমূহ বিক্রীৰ ব্যৱস্থা কৰা হ’ব৷ কাৰণ গো সৰবৰাহত ব্যৱহূত জব্দ কৰা বাহন বিভিন্ন সময়ত বিভিন্ন স্থানত জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ তাৰ পৰিপ্রেক্ষিততে চৰকাৰে আইনখনৰ সংশোধনী ঘটাই জব্দ কৰা বাহনসমূহ বিক্রীৰ ব্যৱস্থা কৰিব বিচাৰিছে৷
ইপিনে মেঘালয়ৰ পৰা বৈধভাৱে অহা কয়লা সৰবৰাহত অসম চৰকাৰে বাধা দিব নোৱাৰে বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মেঘালয়ৰ পৰা অহা কয়লা অসম, পশ্চিমবংগ, উত্তৰ প্রদেশ, হাৰিয়ানা আদি ৰাজ্য পাৰ হৈ যায়৷ প্রতিখন ট্রাক কাঁটা লগাই জুখিব লগা হ’লে অসমত সাংঘাটিক ট্রেফিক জাম হৈ যাব৷ তদুপৰি পশ্চিমবংগ, উত্তৰ প্রদেশ, হাৰিয়ানা আদি ৰাজ্যই যেনেদৰে যাবলৈ দিয়ে, অসমেও তেনেদৰে যাবলৈ দিব লাগিব৷ কাৰণ ৰাষ্ট্রীয় ঘাইপথ ভাৰত চৰকাৰৰহে৷ তদুপৰি কয়লা অসমত উৎপাদন নহয়৷ চুবুৰীয়া ৰাজ্যৰ লগত কিমান কাজিয়া কৰিম বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ পৰা যোৱা চাহৰ ট্রাকক যদি পশ্চিমবংগই ধৰে, অসমেও ভাল নাপাব৷ অবৈধভাৱে যোৱা কয়লাৰ ট্রাকৰ বাহিৰে আন ক্ষেত্রত অসমে একো কৰিব নোৱাৰে৷