নিয়মীয়া বাৰ্তা ২৯ জুনঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তৰ ফাইল পুনৰ খোল খাইছে৷ এ পি এছ চিয়ে অনুষ্ঠিত কৰা ২০১৩ বর্ষৰ অসামৰিক আৰু অন্যান্য সংলগ্ণ সেৱাৰ পৰীক্ষাত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তদন্তৰ বাবে ন্যায়ালয়ৰ নির্দেশমর্মে গঠন কৰা হৈছিল এজনীয়া তদন্ত আয়োগ৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাক লৈ গঠিত এই সমিতিখনে তদন্তৰ শেষ পর্যায়ত উপনীত হৈছে৷ এই মুহূর্তলৈকে তদন্ত আয়োগৰ অনুসন্ধানত এটা কথা ওলাই পৰিছে যে বর্তমান ৰাজ্যৰ বিভিন্ন স্থানত চাকৰি কৰি থকা কেইবাগৰাকীও ৰাজপত্রিত বিষয়াৰ নম্বৰৰ ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত হৈছিল৷ এইসকল বিষয়াৰ উত্তৰবহীৰ নম্বৰ, স্ক্রুটিনী শ্বীট আৰু টেবুলেচন শ্বীটৰ নম্বৰৰ মাজত দেখা গৈছে ব্যাপক তাৰতম্য৷ ইয়াৰ ভিত্তিতে আয়োগে নম্বৰৰ খেলিমেলি থকা ১০গৰাকীতকৈ অধিক বিষয়াৰ এখন তালিকা প্রস্তুত কৰি উলিয়াইছে৷
এই তালিকাখন তদন্ত আয়োগৰ অধ্যক্ষই সচিবলৈ প্রেৰণ কৰিছে৷ ইয়াৰ ভিত্তিতেই সচিবে এইসকল বিষয়ালৈ প্রেৰণ কৰিছে কাৰণ দর্শোৱাৰ জাননী৷ জুলাইৰ প্রথম সপ্তাহৰ ভিতৰত এইসকলে এই জাননীৰ উত্তৰ দিব লাগিব৷ একে সময়তে আয়োগে এ পি এছ চিৰ পৰা বিচাৰিছে ২০১৩ বর্ষৰ পৰীক্ষা প্রক্রিয়াৰ লগত জড়িত হৈ থকা পৰীক্ষক, নিৰীক্ষক আৰু টেবুলেটৰৰ তালিকা৷ পৰীক্ষক আৰু টেবুলেটৰসকলকো তদন্ত আয়োগে জবাবদিহি কৰিব৷
মুঠৰ ওপৰত পূর্বে গ্রেপ্তাৰ হোৱা ২০১৩ বর্ষৰ ৩৯গৰাকী ৰাজপত্রিত বিষয়াৰ বাহিৰেও আন কেইবাগৰাকীও বিষয়াৰ চৰম অনিয়মৰ তথ্য এতিয়া আয়োগৰ অনুসন্ধানত স্পষ্ট ৰূপত পোহৰলৈ আহিছে৷ এই বিষয়াসকলৰ ভিতৰত অৱসৰী আৰক্ষী বিষয়াৰ পুত্র, বিভিন্ন গোচৰ সংক্রান্তত চর্চাত থকা আৰক্ষী বিষয়া, আনকি ২০১৩ বর্ষৰ পৰীক্ষাত ভাল ফলাফল দেখুওৱা বিষয়াও আছে৷ একে সময়তে ডিব্রুগড় আৰক্ষীয়েও একেটা বিষয়ক লৈ পুনৰ তদন্ত আৰম্ভ কৰিছে৷ তদন্ত সঠিক দিশত আগবাঢ়িলে ১০গৰাকীতকৈও অধিক বিষয়া সোনকালে জালত পৰাটো নিশ্চিত৷