নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ১০ ৰাজপত্রিত বিষয়ালৈ ন্যায়িক আয়োগৰ কাৰণ দর্শোৱাৰ জাননী

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ দুর্নীতি–নিয়ম, স্বজন–তোষণেৰে অসম লোকসেৱা আয়োগে (এ পি এছ চি)ক কলংকিত কৰা ৰাকেশ পালৰ আশিসধন্য হৈ ৰাজ্য প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত নিযুক্তি লাভ কৰা একাংশ ৰাজপত্রিত বিষয়াৰ বিপদ সমাগত৷ উৎকোচৰ বিনিময়ত নিযুক্তি লাভ কৰা একাংশ বিষয়াক ডিব্রুগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত এইবাৰ বক্রপথেৰে চাকৰি লোৱা আন একাংশ বিষয়াৰ বিৰুদ্ধে তদন্ত প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে ন্যায়িক আয়োগে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বি কে শর্মাৰ অধ্যক্ষতাত গঠন কৰা ন্যায়িক আয়োগে প্রস্তুত কৰিছে অনিয়মেৰে চাকৰি লোৱা বিষয়াৰ তালিকা৷ এনে বিষয়াৰ বিৰুদ্ধে জাননী প্রেৰণ কৰিবলৈ আৰম্ভ কৰিছে ন্যায়িক আয়োগখনে৷

সোমবাৰে জাননী লাভ কৰাৰ পাছত আয়োগৰ সন্মুখত উপস্থিত হয় ধনশিৰিৰ সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস৷ তদন্তকালত লাভ কৰা উত্তৰবহীৰ বিসংগতি সন্দর্ভত স্থিতি স্পষ্ট কৰিবলৈ দাসক জাননী প্রেৰণ কৰিছিল আয়োগে৷ গুৱাহাটী ক্লাবস্থিত আয়োগৰ কার্যালয়ত হাজিৰ হোৱাৰ পাছত সহকাৰী নিয়োগ বিষয়াজনে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰাৰ পৰা বিৰত থাকে৷ ইয়াৰ বিপৰীতে সংবাদ মাধ্যমৰ পৰা পলায়ন কৰি নিজৰ বাহনেৰে উক্ত স্থান ত্যাগ কৰে সহকাৰী নিয়োগ বিষয়াজনে৷

উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্তৰ বাবে গঠন কৰা হৈছিল ন্যায়িক আয়োগখন৷ প্রাথমিকভাৱে আয়োগে মুঠ ১৯জন বিষয়াক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল৷ ইয়াৰে একাংশ বিষয়াই আয়োগৰ ওচৰত হাজিৰ হোৱাৰ বিপৰীতে আন একাংশই অধিবক্তাৰ জৰিয়তে নিজৰ উত্তৰ প্রদান কৰিছিল৷ প্রাপ্ত তথ্য অনুসৰি ন্যায়িক আয়োগে পুনৰ আন ১০জন ৰাজপত্রিত বিষয়ালৈ জাননী জাৰি কৰিছে৷ ইতিমধ্যে চৰকাৰে আয়োগৰ কার্যকালো বৃদ্ধি কৰিছে৷

You might also like