বিপিএফৰ ১০ প্রার্থীয়েও এৰিলে অসম; হর্ছ ট্রেডিঙৰ শংকাই কঁপাইছে মহাজোঁটৰ ভেটি
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ কংগ্রেছ নেতৃত্বাধীন বিৰোধীয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে অসমত এইবাৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰি আহিলেও হর্ছ ট্রেডিঙৰ শংকাই কঁপাইছে মহাজোঁটৰ ভেটি৷ ভোটগণনাৰ পূর্বেই হর্ছ ট্রেডিঙৰ শংকাত ভোগা মহাজোঁটে এতিয়া ফলাফল ঘোষণাৰ আগতেই তেওঁলোকৰ প্রার্থীসকলক একপ্রকাৰ নজৰবন্দী কৰি ৰখাৰ ব্যৱস্থা কৰিছে৷
মহাজোঁটৰ ভিতৰত সেই শংকা ইমানেই তীব্রতৰ হৈছে যে নিজ দলৰ প্রার্থীসকলক অসমৰ মাটিত সুৰক্ষিত অৱস্থাত ৰখাৰ কথা কল্পনা কৰিব নোৱাৰা হৈছে৷ ইয়াৰ বাবে কংগ্রেছৰ লগতে এ আই ইউ ডি এফ, বি পি এফৰ নির্বাচনী প্রার্থীসকলক কংগ্রেছশাসিত ৰাজ্যত একেলগে ৰাখিব বিচাৰিছে৷ইয়াৰ অংশ হিচাপে এ আই ইউ ডি এফে তেওঁলোকৰ দলীয় প্রার্থীসকলক শুকুৰবাৰে ৰাজস্থানৰ জয়পুৰস্থিত পঞ্চতাৰকাযুক্ত হোটেল ফেয়াৰমণ্ট ৰিজ’টলৈ লৈ যায়৷ ইয়াৰ পাছতেই কালি বি পি এফে তেওঁলোকৰ ১০ প্রার্থীৰ লগতে বিটিচিৰ ১৬ পাৰিষদক অসমৰ পৰা আঁতৰাই নিয়ে৷
বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কোকৰাঝাৰত দলীয় প্রার্থীসকলৰ সৈতে এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছতেই হর্ছ ট্রেডিঙৰ কবলৰ পৰা উদ্ধাৰৰ স্বার্থতে প্রার্থীসকলক ৰাজ্যৰ বাহিৰলৈ নিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেই অনুসৰি কালি হাগ্রামা মহিলাৰীৰ নির্দেশক্রমে ইতিমধ্যে কোকৰাঝাৰ পূবৰ প্রার্থী প্রমীলাৰাণী ব্রহ্ম আৰু বিজেপিত যোগদান কৰা তামুলপুৰৰ বি পি এফ প্রার্থী ৰংজা খুংগুৰ বসুমতাৰীক বাদ দি দলৰ আটাইকেইগৰাকী প্রার্থীৰ লগতে বি পি এফৰ বর্তমানৰ ১৬ এম চি এল এক কালি বাগডগ্রা হৈ কলকাতালৈ নিয়াৰ ব্যৱস্থা কৰে৷
বি পি এফৰ এক সূত্রই জানিবলৈ দিয়া মতে, কলকাতাৰ পৰা তেওঁলোকক ছিংগাপুৰলৈ নিয়া হ’ব৷ ভোটগণনাৰ প্রাক্মুহূর্তত তেওঁলোকক সদলবলে অসমলৈ আনি ফলাফলৰ পাছত পুনৰ একেলগে ৰাখিব৷
অৱশ্যে মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছে এই মুহূর্তত তেওঁলোকৰ প্রতিনিধিসকলক বিদেশলৈ যোৱাৰ পৰিৱর্তে কংগ্রেছশাসিত ৰাজ্য ছত্তিশগড়লৈ নিয়াৰহে পৰামর্শ দিছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি ক’ৰোনাজনিত পৰিস্থিতিৰ বাবেই কংগ্রেছৰ তৰফৰ পৰা এই মুহূর্তত বিদেশলৈ নাযাবলৈ পৰামর্শ দিছে৷ মূলতঃ ক’ৰোনাজনিত পৰিস্থিতি অনাগত দিনত অধিক অৱনতি ঘটিলে তেওঁলোক উভতি অহাৰ ক্ষেত্রত অসুবিধা হোৱাৰ সম্ভাৱনীয়তালৈ চায়েই সেই পৰামর্শ আগবঢ়াইছে৷
এনে অৱস্থাত বি পি এফৰ দলটো অন্তিম মুহূর্তত ছিংগাপুৰলৈ যায় নে ছত্তিশগড় অভিমুখে ৰাওনা হয়, সেই বিষয়ে এই বাতৰি যুগুতোৱাৰ পৰলৈকে নিশ্চিত হ’ব পৰা নাই৷
অৱশ্যে ছিংগাপুৰেই হওক অথবা ছত্তিশগড়েই হওক, এ আই ইউ ডি এফৰ প্রার্থীসকলৰ দৰে বি পি এফৰ প্রার্থীসকলকো কংগ্রেছশাসিত ৰাজ্যত আবদ্ধ কৰি ৰাখিব বিচাৰিছে৷ ইপিনে কালিৰে পৰা জয়পুৰৰ বিলাসী হোটেলত বাহৰ পাতি থকা এ আই ইউ ডি এফৰ প্রার্থীসকলৰ অন্যতম দলটোৰ সাধাৰণ সম্পাদক (সংগঠন) তথা মানকাচৰ সমষ্টিৰ দলীয় প্রার্থী আমিনুল ইছলামে কয় যে হর্ছ ট্রেডিঙৰ শংকাতেই তেওঁলোক সকলো জয়পুৰত সংঘবদ্ধ হৈ আছে৷ এইবাৰ মহাজোঁটৰ চৰকাৰ এশ শতাংশ নিশ্চিত বাবেই বিজেপিয়ে হর্ছ ট্রেডিং কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোক কেতিয়ালৈ অসমলৈ উভতি আহিব, সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই৷
তদুপৰি সমুখত যিহেতু ৰমজান মাহ আহি আছে আৰু এইবাৰ হজৰ অনুমতি নাই, সেয়ে তেওঁলোকে এই সময়ছোৱাতে আজমীৰ শ্বৰীফলৈও যোৱাৰ বাবে ৰাজস্থানলৈ অহাটো বাছি লৈছে৷ আনহাতে, কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা মতে, জয়পুৰত থকা এ আই ইউ ডি এফৰ দলটোক ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটৰ লগতে ৰাজ্যখনৰ কংগ্রেছ নেতৃত্বই আতিথ্য প্রদান কৰি আছে৷ অসম প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে আজি এ আই ইউ ডি এফৰ প্রতিনিধিসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা৷
মন কৰিবলগীয়া এয়ে যে শুকুৰবাৰে জয়পুৰলৈ উৰা মৰা এ আই ইউ ডি এফৰ দলটোৰ সৈতে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সম্পাদক পৃথিৱী ৰাজ সাথেও আছে৷ মুঠতে বিজেপিৰ হর্ছ ট্রেডিঙৰ শংকাত ভোগা মহাজোঁটে এতিয়া তেওঁলোকৰ দলীয় প্রার্থীসকলক দেশৰ কংগ্রেছশাসিত ৰাজ্যসমূহত ৰাখি খহনীয়া ৰোধৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ এই সম্পর্কত কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই কয় যে সাৱধানীৰ মৰণ নাই৷ সেয়ে এই সময়ছোৱাত সকলোৱে সাৱধানে থকা উচিত৷ সাপ আৰু মাখিৰ পৰা সাৱধানে থকাটো ভাল কথা৷
বিজেপিয়ে নির্বাচনত একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ পাছতো গোৱা, মণিপুৰ, ছিকিম আদিত চৰকাৰ গঠনৰ কথা উল্লেখ কৰি কয় যে তাৰ বাবেই মহাজোঁটৰ প্রত্যেকে এনে ব্যৱস্থা গ্রহণ কৰিছে৷ সেইদৰে আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক সাংসদ অজিত কুমাৰ ভূঞাই এ আই ইউ ডি এফ–বি পি এফে গ্রহণ কৰা ভূমিকা ভাল হৈছে বুলি মন্তব্য কৰে৷ হর্ছ ট্রেডিঙৰ শংকা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি ইতিমধ্যে একাংশ নির্দলীয় প্রার্থীৰ লগতো কথা পাতিছে৷ বহুতকে মন্ত্রিত্বৰ অফাৰো দিছে৷ সেয়ে কৌশল হিচাপে মহাজোঁটে প্রার্থীসকলক আঁতৰাই নিয়াটো ভাল কাম হৈছে৷