নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী লোকসভাত ১০গৰাকীয়ে পালে নোটাতকৈ কম ভোট

নিয়মীয়া বাৰ্তা, ৭ জুনঃ লোকসভাৰ ভোট গণনাৰ পিছত ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১০গৰাকীকৈ প্ৰাৰ্থীয়ে নোটাতকৈ কম ভোট পাইছে। স্মৰ্তব্য যে এইবেলিৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত শাসকীয় মিত্ৰজোঁটৰ অগপৰ জাবেদ ইছলাম, এআইইইউডি দলৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ ৰকিবুল হুছেইনকে ধৰি মুঠ ১৩গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে এইবেলি কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট পাই ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱাৰ বিপৰীতে ৪,৫৯,৪০৯টা ভোট পোৱা বদৰুদ্দিন আজমলৰ পুনৰ চতুৰ্থবাৰৰ বাবে সাংসদ হোৱাৰ আশাত চেঁচাপানী পৰে। আনহাতে, মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলাম ৪,৩৮,৫৯৪টা ভোট পাই তৃতীয় স্থানত থাকিবলগীয়া হয়। এই তিনিগৰাকীৰ উপৰি ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন অৱতীৰ্ণ হোৱা বাকী ১০গৰাকী প্ৰাৰ্থীয়ে নোটা ভোটতকৈ কম ভোট পাইছে। উল্লেখ্য যে এইবেলি ধুবুৰী লোকসভা সমষ্টিৰ ১৫,০১৫ গৰাকী ভোটাৰে নোটাত ভোট দিছে। প্ৰাপ্ত তথ্য মতে, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গৌৰীপুৰ বিধানসভা সমষ্টিত সৰ্বোচ্চ ১,৭১৮গৰাকী ভোটাৰে নোটাত ভোট দিয়াৰ বিপৰীতে সৃজনগ্ৰাম বিধানসভা সমষ্টিত সৰ্বনিম্ন ৯৪৭গৰাকী ভোটাৰে নোটাত ভোট দিছে। আনহাতে, গোলকগঞ্জ বিধানসভাৰ ১,৬২৪গৰাকী, ধুবুৰীৰ ১,৩৭৭গৰাকী, বীৰসিং-জৰুৱাৰ ১,৩৬৬গৰাকী, বিলাসীপাৰা ১,৪৭৯গৰাকী, মানকাচৰৰ ১,৫৮৩গৰাকী, জলেশ্বৰৰ ১,১৬১গৰাকী, পূব গোৱালপাৰাৰ ১,৪৬৮গৰাকী, মন্দিয়াৰ ১,০৩৬গৰাকী আৰু চেঙা বিধানসভা সমষ্টিৰ ১,১৫৩গৰাকী ভোটাৰে এইবাৰ নোটাত ভোট দিছে। ইয়াতে উল্লেখনীয় যে ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত নোটা ভোটৰ সংখ্যা আছিল ৮,৯৭৮টা। আনহাতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ ৫,৮১১গৰাকী ভোটাৰে নোটাত ভোট দিছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like