নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০টা কেন্দ্রত হ’ব আৰক্ষী কনিষ্টবলৰ লিখিত পৰীক্ষা

ফেব্রুৱাৰীত ঘোষণা হ’ব পৰীক্ষাৰ দিন

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অহা ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ ৰাজ্যত মুঠ ১০টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব এই পৰীক্ষা৷ সেই অনুসৰি তিনিচুকীয়া, যোৰহাট, তেজপুৰ, ডিফু, শিলচৰ, বঙাইগাঁও, গুৱাহাটী, নগাঁও কোকৰাঝাৰ আৰু হাফলঙত থাকিব অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কেন্দ্র৷ দেওবাৰে এক জাননীযোগে এই কথা সদৰী কৰিছে অসম আৰক্ষীয়ে৷ প্রার্থীসকলে পৰীক্ষা কেন্দ্র নিজৰ সুবিধা অনুযায়ী বাছি ল’ব পাৰিব৷ অৱশ্যে এবাৰ বাছনি কৰাৰ পাছত প্রার্থীসকলে সলনি কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্র৷ উল্লেখ্য যে অসম আৰক্ষীৰ এ বি আৰু ইউ বি শাখাৰ কনিষ্টবলৰ লগতে বিভিন্ন পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ ইতিমধ্যে এই পদসমূহৰ বিপৰীতে অনুষ্ঠিত হৈছে শাৰীৰিক পৰীক্ষা৷ মুঠ ২,৪৫০টা পদৰ বাবে প্রকাশ কৰা হৈছে বিজ্ঞাপন৷

You might also like