নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিনে দিনে বাঢ়িছে ক’ভিড সংক্ৰমণ

দেশত দিনে দিনে বাঢ়িছে ক’ভিড সংক্ৰমণ। ক’ভিডৰ তৃতীয় ঢৌত দেশৰ প্ৰায় প্ৰতিখন চহৰ-নগৰে উৱা-দিহ হেৰুৱাইছে। সোমবাৰে দেশত মুঠ কভিড আক্ৰান্তৰ সংখ্যা ১,৭৯,৭২৩ হৈছে। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৯ জন। যোৱা সপ্তাহটোত ভাৰতত ক’ভিডত আক্ৰান্ত হৈছে মুঠ ৬,৩৮,৮৭২ জন লোক। এই সংখ্যা পূৰ্বৰ সপ্তাহৰ তুলনাত ৬গুণ বেছি। উল্লেখ্য যে ২৭ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ক’ভিডত আক্ৰান্তৰ সংখ্যা আছিল ১,০২,৩৩০জন। যোৱা সপ্তাহৰ প্ৰথম দিনটোত অৰ্থাৎ ৩ জানুৱাৰীত ৩৩,৭৫০ জন ক’ভিড পজিটিভৰ পৰা বৃদ্ধি হৈ সপ্তাহৰ শেষৰ দিনটোত আক্ৰান্তৰ সংখ্যা হয়গৈ ১.৫০লাখৰ অধিক। একেদৰে, মৃত্যু হোৱা লোকৰ সংখ্যাও হঠাৎ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে বিগত সপ্তাহটোত। ২৭ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯৫ ৰ পৰা বাঢ়ি বিগত সপ্তাহটোত হৈছেগৈ ৭৬১। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ক’ভিডত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা দেশখন হৈছে ভাৰত। অৱশ্যে আক্ৰান্তৰ হাৰেৰে ভাৰতৰ স্থান চতুৰ্থ।

You might also like