নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ ১০ বিধায়কৰ বিজেপিৰে যোগাযোগ, কাৰোবাক লাগে প্রত্যক্ষ–কাৰোবাক পৰোক্ষ সহায়

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে পুনৰ বিৰোধী ঐক্য গঠনেৰে বিজেপিৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিয়াৰ চিন্তা–চর্চা কৰি থকাৰ সময়তে বিজেপিৰে গোপন যোগাযোগত আছে প্রধান বিৰোধী দলটোৰ ১০গৰাকী বিধায়ক৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যোৱা ৪টা বছৰত বিভিন্ন আঁচনি, প্রকল্পৰে যি উন্নয়নৰ ধ্বজ্জা উৰুৱাইছে আৰু সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ মাজত যেনেদৰে সোমাই পৰিছে তাৰ পৰিপ্রেক্ষিততে কংগ্রেছৰ সেইসকল বিধায়ক বিজেপিৰ প্রতি আকৃষ্ট হৈ পৰিছে৷ কংগ্রেছৰ ভিতৰচ’ৰাত চলি অহা লবীকেন্দ্রিক ৰাজনীতি, আভ্যন্তৰীণ সংঘাতত একপ্রকাৰ নিজ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে দলটোৰ বিধায়কসকল৷ এক বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, যোৱা কেইবা মাহ ধৰি কংগ্রেছৰ ১০গৰাকী বিধায়কে বিজেপিৰে গোপন যোগাযোগ ৰক্ষা কৰি চলিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীয়ূষ হাজৰিকাকে ধৰি বিজেপিৰ একাংশ নেতাৰ জৰিয়তে সেইসকল বিধায়কে বিজেপিৰে সম্পর্ক ৰক্ষা কৰি চলিছে৷ সেই বিধায়কসকলৰ কাৰোবাক বিজেপিৰ পৰা প্রত্যক্ষ আৰু কাৰোবাক পৰোক্ষ সহায় লাগে৷ অহা বিধানসভা নির্বাচনত তেওঁলোকে বিজেপিৰ প্রত্যক্ষ আৰু পৰোক্ষ সহায়ত অৱতীর্ণ হোৱাৰ পৰিকল্পনা কৰিছে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি বিজেপিৰে গোপন সম্পর্কত থকা সেই ১০গৰাকী বিধায়কৰ ভিতৰত ৭গৰাকী নামনি অসমৰ, এগৰাকী মধ্য অসমৰ, এগৰাকী উজনি অসমৰ আৰু এগৰাকী বৰাক উপত্যকাৰ৷ উক্ত বিধায়কসকলৰ ৫গৰাকী বিধায়কে নির্বাচনত টিকটৰ গেৰাণ্টী পালেই গেৰুৱা বসন পৰিধানৰ সিদ্ধান্ত ইতিমধ্যে প্রায় চূড়ান্ত কৰিছে৷ যদিহে কোনো কাৰিকৰী কাৰণত বিজেপিয়ে তেওঁলোকক দলীয় টিকট দিবলৈ সমর্থ নহয়, তেতিয়াহ’লে সংশ্লিষ্ট সমষ্টিকেইটাত তেওঁলোকক জয়ী হোৱাৰ ক্ষেত্রত বিজেপিৰ পৰা ৰাজনৈতিক সহায়ৰ ব্যৱস্থা কৰাৰ তেওঁলোকে পোষকতা কৰিছে৷ আনহাতে কংগ্রেছৰ দুই বিধায়কে বিচাৰিছে অগপৰ টিকট৷ সম্প্রতি সেই দুয়োগৰাকী বিধায়কে ইতিমধ্যে অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তৰ লগত এই সম্পর্কত কথা–বতৰাও পাতি আছে৷ কিন্তু ইমানৰ পাছতো সেই দুই বিধায়কে বিজেপিৰ সৈতেও কথা–বতৰা চলাই থকাৰ এটাই কাৰণ– যাতে নির্বাচনৰ সময়ত আসন বুজাবুজিৰ ক্ষেত্রত তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টি অগপকেই এৰি দিয়ে৷ যদিহে সেই সমষ্টিত বিজেপিয়ে টিকট দিয়ে, তেতিয়াহ’লে তেওঁলোক অগপত যোগদান অন্তঃসাৰশূন্য হৈ পৰিব৷ ইপিনে সংখ্যালঘু সম্প্রদায়ৰ তিনি বিধায়কে কংগ্রেছত থাকি বিজেপিৰে তাল মিলাই চলিছে৷ নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বার্থতে তেওঁলোকে এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে৷ মন কৰিবলগীয়া এয়ে যে যোৱা এক–ডেৰ বছৰ ধৰি কংগ্রেছৰ সেইসকল বিধায়কে নামতহে কংগ্রেছত আছে, তেওঁলোকৰ আত্মা বিজেপিৰ লগতে আছে৷ যোৱা বছৰ অমৃত কলহ যাত্রাৰ সময়ত কংগ্রেছৰ বিধায়কসকলক বিজেপি চৰকাৰৰ কার্যসূচীত অংশগ্রহণ নকৰিবলৈ কঠোৰ সকীয়নি দিয়াৰ পিছত বাহ্যিকভাৱে বিজেপিৰে তেওঁলোকৰ অন্তৰংগতা হ্রাস পায় যদিও গোপনে গেৰুৱা দলৰে সম্বন্ধ অক্ষুণ্ণ আছে বুলি সূত্রটোৱে প্রকাশ কৰে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে মুখ্যমন্ত্রী ড০ শর্মায়ো বিভিন্ন সময়ত কংগ্রেছৰ নির্দিষ্ট কেইজনমান বিধায়কক বাদ দি আন সকলো তেওঁলোকৰ সৈতে যোগাযোগত আছে বুলি দাবী কৰি আহিছে৷ এতিয়া বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্রেছৰ বিধায়কসকল বিজেপিমুখী হৈ পৰা ঘটনা বিশেষ তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷

You might also like