নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দামবৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়া আছুৰ ১০ঘণ্টীয়া অনশন

নিয়মীয়া বাৰ্তা, ৮  আগষ্ট : ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভত ফাটি পৰিছে সৰ্বসাধাৰণ ৰাইজ । খাদ্য বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী, ৰন্ধন গেছ, ঔষধ, বিদ্যুতৰ মাচুল আৰু টোলগেটৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলা ছাত্র সন্থায়ো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি শতাধিক ছাত্ৰ সংগঠনৰ সদস্যই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা অনশন কাৰ্যসূচী বিয়লি ৪ বজাত সমাপ্ত হ’ব । উক্ত অনশন কাৰ্যসূচীত উপস্থিত আছু সদস্যসকলে অসম চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায়, শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰী দামবৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।    
প্ৰেৰক সুৰজ দাস
You might also like