নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুঃখজনক : বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা বাছ দুৰ্ঘটনাত পতিত হৈ নিহত ১০

বিশেষ বাৰ্তা, ৩০ মেঃ পৱিত্র তীর্থস্থান বৈষ্ণোদেৱী মন্দিৰগামী তীর্থযাত্রীৰ বাছ এখন জম্মুত ভয়াৱহ দুর্ঘটনাত পতিত হৈছে৷ জম্মুৰ কাট্রাৰ দলং এখনৰ সমীপতে দুর্ঘটনাত পতিত হৈ দ’ খাৱৈত বাগৰি পৰে৷ কাট্রাৰ পৰা প্রায় ১৫ কিলোমিটাৰ নিলগৰ ঝাজৰ কটলিত দুর্ঘটনাত পতিত বাছখনত থকা ১০জন যাত্রী থিতাতে নিহত হোৱাৰ লগতে ৫৫জন গুৰুতৰভাৱে আহত হৈছে৷ দুর্ঘটনাস্থলীত স্থানীয় বাসিন্দা আৰু আৰক্ষী প্রশাসনে অভিযান চলাই গুৰুতৰভাৱে আহতসকলক জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷  দুর্ঘটনাটোত প্রাণ হেৰুওৱা ১০জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত ৫৫জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে জম্মু–কাশ্মীৰৰ ত্রিকুটা পাহাৰৰ শীর্ষত থকা মাতা বৈষ্ণ’দেৱীৰ মন্দিৰ দর্শন কৰাৰ সময়ত তীর্থযাত্রীসকলে কাট্রাৰ বেছ কেম্পত আশ্রয় লয়৷ এই বেছ কেম্পলৈ বহিঃৰাজ্যৰ তীর্থযাত্রীসকলে গৈ থকা অৱস্থাতে ভয়াৱহ দুর্ঘটনাটো সংঘটিত হৈছে৷ বাছখন পঞ্জাবৰ অমৃতসৰৰ পৰা আহিছিল আৰু বাছখনত বিহাৰৰ যাত্রীও আছিল৷ উল্লেখ্য যে যোৱা ২১ মে’তো ৰাজস্থানৰ পৰা কাট্রালৈ অহা বাহন এখন দুর্ঘটনাত পতিত হৈছিল৷ এই দুর্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে ২৪জন আহত হৈছিল৷ বৈষ্ণোদেৱী মন্দিৰগামী পথটো অতি দুর্গম হোৱাৰ বাবে এনেধৰণৰ দুর্ঘটনা সংঘটিত হোৱাৰ অনেক উদাহৰণ আছে৷

You might also like