নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ অখিল আহিলেও নাজিৰাত দেৱব্রত শইকীয়াক একো কৰিব নোৱাৰে

🔹 ৰাইজৰ দলৰ সভাপতিৰ বিৰুদ্ধে পুনৰ সৰৱ ভূপেন বৰা

বিশেষ বাৰ্তা, ২২ এপ্রিল : এইবাৰ পঞ্চায়ত নির্বাচনক লৈ শত্রুৰ ভূমিকাত অৱতীর্ণ হোৱা কংগ্রেছ আৰু অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ মাজত আক্রমণ–প্রতি আক্রমণৰ যুঁজখন অব্যাহত আছে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অহা বছৰ হ’বলগীয়া বিধানসভা নির্বাচনত নাজিৰাত বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ বিৰুদ্ধে শক্তিশালী প্রার্থী প্রক্ষেপ কৰি কার্যতঃ শইকীয়াক হৰুওৱাৰ হুংকাৰ দিয়া প্রসংগত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে ভূপেন বৰাই৷ এই সন্দর্ভত বৰাই কয় যে যোৱাবাৰ সমগ্র বিজেপি দলেই শইকীয়াৰ বিৰুদ্ধে যুঁজত নামি পৰিছিল৷ তথাপি শইকীয়াক একো কৰিব পৰা নাই৷ প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া আৰু তেওঁৰ পত্নী ড০ হেমপ্রভা শইকীয়াৰ নাজিৰাৰ প্রতি অৱদান অঞ্চলবাসীয়ে অস্বীকাৰ নকৰে৷ ১০০জন অখিল গগৈ আহিলেও নাজিৰাত দেৱব্রত শইকীয়াক একো কৰিব নোৱাৰে৷ আনহাতে, অখিল গগৈয়ে কংগ্রেছ দলক বাৰম্বাৰ বিশ্বাসঘাতক বুলি কৈ অহা প্রসংগত প্রতিক্রিয়া ব্যক্ত কৰি বৰাই কয় যে অখিল গগৈয়ে কৈ থাকক, কৈ কৈ তেওঁৰ মুখ বিষাই যাব৷

You might also like