অসম চিকিৎসা মহাবিদ্যালয়লৈ যুৱৰাজ সিং ফাউণ্ডেচনৰ ১০০খন বিছনা
নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ দেশৰ ক্রিকেট দলৰ প্রাক্তন আক্রমণাত্মক বেটছমেন যুৱৰাজ সিঙৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংগঠন যুৱৰাজ সিং ফাউণ্ডেচনে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ শিশুৰ চিকিৎসাৰ বাবে ১০০খন বিছনা প্রদান কৰিছে৷
প্রাক্তন ক্রিকেটাৰগৰাকীৰ এই মহানুভৱতাক লৈ কৃতজ্ঞতা প্রকাশ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ে৷ ইফালে, অসম চিকিৎসা মহাবিদ্যালয়ৰ উপৰি সমগ্র ডিব্রুগড়বাসীয়ে যুৱৰাজ সিং ফাউণ্ডেচনৰ কার্যক আদৰণি জনাইছে৷ দেশজুৰি চলি থকা ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰৰ সময়ত মহামাৰীৰ পৰা শিশুসকলক ৰক্ষা কৰাটো সমগ্র দেশৰ বাবে প্রত্যাহ্বান হৈ পৰিছে৷
আনকি মহামাৰীৰ তৃতীয় সংক্রমণৰ জোৱাৰে অতি ভয়াৱহ প্রভাৱ শিশুসকলৰ ওপৰত পেলাব বুলি আশংকা প্রকাশ কৰিছে বিশেষজ্ঞ চিকিৎসকসকলে৷ এনে সময়ত অসম চিকিৎসা মহাবিদ্যালয়ত শিশুৰ চিকিৎসাৰ বাবে যুৱৰাজ সিং ফাউণ্ডেচনে ১০০খন বিছনা আগবঢ়োৱা কার্য শলাগিবলগীয়া বুলি বিভিন্ন মহলে মন্তব্য কৰিছে৷
শুকুৰবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে সংবাদ মাধ্যমক জনাইছে যে দুমাহ পূর্বে যুৱৰাজ সিং ফাউণ্ডেচনে ভাৰতৰ কেইবাখনো হাস্পতালত শিশুৰ বাবে ১০০০খন বিছনা প্রদানৰ সিদ্ধান্ত লোৱা বুলি খবৰ পোৱা গৈছিল৷ ইয়াৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৫০খন, শ্বিলং মেডিকেল কলেজত ৫০খন আৰু ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ১০০খন বিছনা প্রদান কৰিব বুলি ফাউণ্ডেচনে ঘোষণা কৰিছিল৷ ফাউণ্ডেচনে এই সিদ্ধান্তক কার্যকৰী ৰূপ দিছে৷