মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ ৰিণিকি ভূঞা শর্মাৰ
নিয়মীয়া বাৰ্তা, ২২ জুনঃ দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিছে মুখ্যমন্ত্রীৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ ক’ভিডৰ সময়ছোৱাত পিপিই কিট যোগান সন্দর্ভত উত্থাপন কৰা কেইবাটাও ভিত্তিহীন অভিযোগৰ বাবে ছিছোদিয়াৰ বিৰুদ্ধে তেওঁ মানহানিৰ গোচৰ ৰুজু কৰিছে৷ কামৰূপ (মহানগৰ) জিলাৰ দেৱানী আদালতত এই ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে৷ আজি আদালতত গোচৰটোৰ শুনানি হোৱাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে যোৱা ৪ জুনত দিল্লীত এখন সংবাদ মেলৰ জৰিয়তে মনীষ ছিছোদিয়াই ৰিণিকি ভূঞা শর্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল৷ ইয়াৰ পাছতে এই সন্দর্ভত নিজৰ স্পষ্টীকৰণ প্রকাশ কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে ১,৪৮৫টা পিপিই কিট দান হিচাপেহে আগবঢ়োৱা বুলি সদৰী কৰিছিল৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অধীনত পিপিই কিট যোগানৰ নামত এটা টকাও লোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিছিল৷