বিধায়ক তৰংগ গগৈ–বক্সাৰ লাভলীনা–এৰ’ স্পেচ ইঞ্জিনীয়াৰ প্রিয়ংকা দাস ৰাজকাকতিলৈ স্বীকৃতি
দেশৰ ভৱিষ্যৎ চিহ্ণিত ১০০ৰ তালিকাত অসমৰ তিনি সন্তানঃ
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ নৱবর্ষৰ প্রাক্ক্ষণত আগশাৰীৰ ৰাষ্ট্রীয় বার্তালোচনী ‘ইণ্ডিয়া টুডে’ই ‘পৰৱর্তী ১০০’ শীর্ষক দেশৰ ভৱিষ্যৎ হিচাপে চিহ্ণিত কৰা ৰাজনীতি, বাণিজ্য, চলচ্চিত্র, বিজ্ঞান আৰু কলা ক্ষেত্রত সফলতা অর্জন কৰা ১০০ যুৱ প্রতিভাৰ মাজত স্থান লাভ কৰিছে তিনিগৰাকীকৈ অসম সন্তানে৷ প্রতিশ্রুতিসম্পন্ন এই তিনি অসমীয়া যুৱ প্রতিভা হৈছে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, অলিম্পিকত পদকপ্রাপক বক্সাৰ লাভলীনা বৰগোহাঁই আৰু এৰ’স্কেচ ইঞ্জিনীয়াৰ প্রিয়ংকা দাস ৰাজকাকতি৷
আগশাৰীৰ বার্তালোচনীখনে নিজৰ নিজৰ ক্ষেত্রত দেখুওৱা পাৰদর্শিতাৰ বাবে তেওঁলোকক দেশৰ ভৱিষ্যৎ হিচাপে চিহ্ণিত কৰিছে৷ ৰাজনীতিৰ ক্ষেত্রত প্রতিশ্রুতিসম্পন্ন যুৱ নেতা হিচাপে স্থান লাভ কৰা বিধায়ক গগৈয়ে প্রাক্তন মন্ত্রী তথা কংগ্রেছৰ প্রার্থী প্রণতি ফুকন, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ দৰে শক্তিশালী প্রার্থীক পৰাস্ত কৰি নাহৰকটীয়া সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম গৈছে৷ ২০১৫ চনত বিজেপিত যোগদান কৰা গগৈয়ে ৰাজ্যিক বিজেপিৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল৷
আনহাতে, সমগ্র দেশৰ লগতে অলিম্পিকত পদক জয় কৰি অসমবাসীক গৌৰৱান্বিত কৰা বক্সাৰ লাভলীনা বৰগোহাঁইক অভিহিত কৰা হৈছে ‘ভয়হীন যোদ্ধা’ হিচাপে৷ অলিম্পিকত পদক জয় কৰা প্রথমগৰাকী অসমীয়া হিচাপে ইতিহাস ৰচনা কৰা লাভলীনাই অলিম্পিকত সোণৰ পদক জয় কৰাটোৱেই একমাত্র লক্ষ্য বুলি দৃঢ়তাৰে প্রকাশ কৰি আহিছে৷ আনহাতে, আন্তঃৰাষ্ট্রীয় ‘মুন গেলেৰী’ প্রকল্পৰ বাবে প্রিয়ংকা দাস ৰাজকাকতিৰ শিল্প নির্বাচিত হৈছে৷ বার্লিনৰ এক সংস্থাৰ কার্মান প্রকল্পত কাম কৰাৰ বাবে এবছৰীয়া ফেল’শ্বিপ লাভ কৰিছে প্রিয়ংকাই৷