নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কপিলীত উদ্ধাৰ ১০০ কেজিৰ বাঘ মাছ

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলা ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ দুৰ্গম অঞ্চলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে । ফেনে-ফোটোকাৰে বাঢ়ি অহা কপিলীৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ আতংকিত আৰু চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কপিলীপৰীয়া ৰাইজক। নৈপৰীয়া ৰাইজ যাতে ভীতিগ্ৰস্ত নহৈ সাৱধানতা অৱলম্বন কৰি সজাগ হৈ থাকে ইয়াৰ বাবে প্ৰশাসনৰ ফালৰ পৰাও ৰাইজক সষ্টম হৈ থাকিবলৈ আহ্বান জনাইছে। ইফালে, তেনে সময়তে হঠাৎ খেৰণি নৈপৰীয়া ৰাইজৰ মাজত লাগে হুৱাদুৱা। একাংশ লোকে কপিলী নৈৰ বাঢ়নী পানীত উটি অহা অৱস্থাত প্ৰত্যক্ষ কৰে এটা প্ৰকাণ্ড মাছ । এই প্ৰকাণ্ড বাঘ মাছটো উদ্ধাৰ কৰিবলৈ ৰাইজৰ মাজত হুৱাদুৱা লাগে । উল্লেখযোগ্য যে কোনো অজ্ঞাত কাৰণত মৃত্যুমুখত পৰি উটি অহা প্ৰায় ১০০ কেজি ওজনৰ দুষ্প্ৰাপ্য বাঘ মাছটো পানীৰ পৰা উদ্ধাৰ কৰি নৈৰ পাৰলৈ তুলি আনে খেৰণি নেপালী বস্তিৰ কপিলীপৰীয়া একাংশ লোকে । ইফালে, এই মাছটো উদ্ধাৰক লৈ ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like