নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ কথমপি বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰিল বৰলুইতেৰে ধুবুৰী অভিমুখী এখন যাত্ৰীবাহী লঞ্চৰ শতাধিক যাত্ৰী। যোৱাকালি দুপৰীয়া ২-৩০টা মানত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ পৰা ধুবুৰী লৈ আহি থকা অৱস্থাত ঘন কুঁৱলীৰ বাবে বিয়লি ৪টা মান বজাত অকষ্মাতে নিৰ্জন বালিৰ চৰত লাগি যায় সেই লঞ্চখন। ফলত কণ কণ শিশু, মহিলা থকা সেই লঞ্চখনৰ যাত্ৰীসকল প্ৰচণ্ড শীতত গোটেই নিশা অনাহাৰে কটাবলগীয়া হয়। অৱশ্যে নিশা দুখন সৰু লঞ্চৰে আবদ্ধ হৈ থকা যাত্ৰীসকলৰ কিছুক উদ্ধাৰ কৰা হয় যদিও পিছলৈ গৈ সেই দুখনো ঘন কুঁৱলীৰ বাবে আবদ্ধ হৈ পৰে আৰু অৱশেষত আজি পুৱা সকলো যাত্ৰীৰ সুকলমে অনা হয় ধুবুৰী লৈ। ওৰেনিশা আবদ্ধ হৈ থকা একাংশ যাত্ৰীয়ে জিলা প্ৰশাসন, আভ্যন্তৰিণ জল পৰিবহন বিভাগ আৰু লঞ্চৰ মালিক তথা লেছীৰ বিৰূদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ উপস্থিত হোৱা সাংবাদিকৰ সন্মুখত ক্ষোভ উজাৰে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী