৬নং দফা ৰাজহুৱা কৰা লোকে নিৰ্বাচনত উত্তীৰ্ণ হ’লে ৫০০ৰ পৰা ২০০০তকৈ বেছি ভোট নাপায়ঃ ড০ হিমন্ত বিশ্ব শৰ্মা
এশ আসন দখলেৰে ২০২১ত স্বর্ণিল অধ্যায় ৰচনা হ’ব
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ আগন্তুক ২০২১ চনৰ বিধানসভা নির্বাচনত ১০০খন আসন জয়েৰে স্বর্ণিল অধ্যায় ৰচনা কৰিবলৈ ৰাজ্যিক বিজেপিৰ কার্যকর্তাসকলক আহ্বান জনাইছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক বৈঠকত ভাষণ প্রদান কৰি নেডাৰ আহ্বায়কগৰাকীয়ে কয় যে বিগত বিধানসভা নির্বাচনত মিত্রজোঁটে ৮৬খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ এইবাৰ ১০০খন আসন লাভেৰে স্বর্ণিল অধ্যায় ৰচনা কৰিব লাগিব৷ এখন আসনো কম হ’ব নোৱাৰে৷ ৰাজ্যিক বিজেপি এই লক্ষ্যত উপনীত হ’ব লাগিব৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰি ড০ শর্মাই কয়– ‘এই চৰকাৰ পুনৰ উভতি আহিব লাগিব৷ কোনো ব্যক্তিৰ বাবে নহয়৷ তিনি কোটি অসমৰ মানুহৰ বাবে এই চৰকাৰখন উভতি আহিব লাগিব৷ জাতি–মাটি–ভেটি ৰক্ষা কৰি ভাৰতবর্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক প্রতিষ্ঠা কৰিবলৈ এইখন চৰকাৰ পুনৰ শাসনলৈ আহিব লাগিব৷ কংগ্রেছৰ ১৫ বছৰীয়া শাসনকাল আৰু বিজেপি চৰকাৰৰ পাঁচবছৰীয়া শাসনকালৰ তুলনা নহয়৷ কিন্তু কংগ্রেছে ১৫ বছৰত কৰা প্রত্যেকটো কাম পাঁচ বছৰৰ ভিতৰত তিনি–চাৰি গুণেৰে পৰাজিত কৰিবলৈ সক্ষম হৈছোঁ৷ নেচনেল গেমছৰ সময়ত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এখন ষ্টেডিয়াম নির্মাণ কৰিছিল৷ কিন্তু বিগত পাঁচ বছৰত একে পর্যায়ৰ ৫২খন ষ্টেডিয়ামৰ কাম আমি আগবঢ়াই নিছোঁ৷’ বিনামূলীয়া নামভর্তিৰ পৰা আৰম্ভ কৰি পাঠ্যপুথি যোগানলৈ, ৰাজ্যৰ প্রান্তে প্রান্তে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰা আৰম্ভ কৰি চাহ বাগিচাত বিদ্যালয় স্থাপনলৈকে, অভাৰ ব্রিজ নির্মাণৰ পৰা গ্রামাঞ্চলৰ পথ নির্মাণলৈকে চৰকাৰখনে গ্রহণ কৰা আঁচনিৰ সবিশেষ খতিয়ান দাঙি ধৰি তেওঁ কয়– ‘এই চৰকাৰখনৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নাই৷ আছে আবদাৰ আৰু মৰম৷ অসমৰ তিনি কোটি মানুহৰ আশীর্বাদৰ বাবে প্রতিঘৰ মানুহৰ ঘৰে ঘৰে বিকাশৰ গংগা বোৱাবলৈ আমি সক্ষম হৈছোঁ৷ ভোট বিচাৰি আমি কাম কৰা নাই৷ ৰাইজৰ আশীর্বাদ বিচাৰিহে আমি কাম কৰিছোঁ৷ আমি বিচাৰিছোঁ ৰাইজে আমাক অন্তৰত স্থান দিয়ক৷’ আনহাতে, বিৰোধীক তীব্র বাক্যবাণেৰে সমালোচনা কৰি ড০ শর্মাই কয় যে ৰাইজৰ আশীর্বাদৰ বাবে এই চৰকাৰ বাৰে বাৰে উভতি আহিব৷ বহুতে ভাবিছে কংগ্রেছ–এ আই ইউ ডি এফ লগ হ’লে ভোট পাব৷ কিন্তু আশীর্বাদৰ গংগাৰ সন্মুখত এই ভোটৰ ৰাজনীতি তচনচ হৈ পৰিব৷ আনহাতে, ৰাষ্ট্রীয় নাগৰিকপঞ্জী আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰা উচ্চ পর্যায়ৰ কমিটীৰ প্রতিবেদন ৰাজহুৱা কৰা প্রসংগত তেওঁ কয়– ‘পাঁচ বছৰত আমি বুনিয়াদ ৰচনা কৰিছোঁ৷ অহা পাঁচ বছৰত আমি ৰোৱা গছৰ ফল খাম৷ ৬নং দফা ৰূপায়ণ সন্দর্ভত দাখিল কৰা প্রতিবেদন ৰূপায়ণ কৰিবলৈ দুবছৰ সময় দিয়া হৈছিল৷ কিন্তু তাৰ আগতেই এই প্রতিবেদন অনধিকাৰ আৰু অপ্রয়োজনীয়ভাৱে প্রকাশ কৰি এই প্রতিবেদন যাতে বিজ্ঞানসন্মতভাৱে ৰূপায়ণ কৰিব নোৱাৰি, তাৰ বাবে এচাম লোকে অহৰহ চেষ্টা কৰিছে৷ বাঘে–ছাগে লগ লাগিছে৷ ক’ৰবাত দুটা ৰাজনৈতিক দল, আন ক’ৰবাত আকৌ তিনিটা ৰাজনৈতিক দল সংগঠিত হৈছে৷ ক’ৰবাত আকৌ মহাজোঁট গঠন কৰিছে৷ এই মহাজোঁট আৰু ৰাজনৈতিক দলৰ সংমিশ্রণ তিনি কোটি মানুহৰ আশীর্বাদৰ ওচৰত এটা দিনো থিয় হৈ থাকিব নোৱাৰে৷ যিসকল ব্যক্তিয়ে আজি ৬নং দফা ৰূপায়ণৰ বাবে প্রস্তুত কৰা প্রতিবেদনক লৈ ৰাজনীতি কৰিলে, নাগৰিকপঞ্জীৰ কামত চৰকাৰক নিলগাই ৰখাৰ ষড়যন্ত্র কৰিলে, তেওঁলোকক মই মুকলিকৈ আহ্বান জনাইছোঁ– আপোনালোকে নির্বাচনত অৱতীর্ণ হওক৷ যদি ৫০০ৰ পৰা ২০০০তকৈ এটা ভোটো বেছি লাভ কৰে, তেনেহ’লে মই ক’ম বিগত বিশ বছৰীয়া ৰাজনৈতিক অভিজ্ঞতা একোৱেই নাছিল৷ আপোনালোক ৰাইজৰ সন্মুখীন হওক৷ কিহৰ বাবে নির্বাচিত এখন চৰকাৰক নাগৰিকপঞ্জীৰ কামৰ পৰা আঁতৰাই ৰখাৰ ষড়যন্ত্র কৰা হৈছিল৷ কিহৰ বাবে ৬নং দফাৰ প্রতিবেদন বিধানসভাৰ মজিয়াত দাখিল হোৱাৰ আগতে প্রকাশ কৰাৰ প্রচেষ্টা চলিল৷ আজি কিহৰ কাৰণে বাঘে–ছাগে লগ লগাৰ ষড়যন্ত্র চলিল৷’ ইপিনে, বর্তমানৰ চৰকাৰখনৰ দোষ কি আছিল বুলি প্রশ্ণ কৰি তেওঁ এইবুলিও কয় যে অসম লোকসেৱা আয়োগৰ দুর্নীতি নিঃশেষ কৰাটো এইখন চৰকাৰৰ দোষ আছিল নেকি? কাজিৰঙাত গঁড় হত্যা বন্ধা কৰাটো এইখন চৰকাৰৰ অক্ষমণীয় অপৰাধ আছিল নেকি? ৬৪ লাখ শিক্ষার্থীক বিনামূলীয়া পাঠ্যপুথি প্রদান কৰাটো অপৰাধ আছিল নেকি? গ্রামাঞ্চলৰ ৰাইজক বিনামূলীয়া চাউল যোগান ধৰাটো এইখন চৰকাৰৰ অপৰাধ নেকি? এনেকুৱা অপৰাধ কৰাৰ বাবেই এই চৰকাৰখন যদি অপৰাধী, তেনেহ’লে বিজেপি কর্মীসকল প্রতিদিনে, প্রতিক্ষণে এনে অপৰাধ কৰিবলৈ সাজু হৈ থাকক বুলি আহ্বান জনায় ড০ হিমন্ত বিশ্ব শর্মাই৷