সুৰাপান কৰি চলাইছিল ট্ৰাক, ভৰিলে ১০,০০০ টকাৰ জৰিমনা, লাইচেঞ্চো বাতিল
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আগন্তুক বনভোজৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি বজালী জিলাত আবকাৰী আৰু পৰিবহণ বিভাগে যুটীয়াভাৱে মদ্যপান কৰি গাড়ী চলোৱা তথা ৰাজহুৱাভাৱে মদ্যপান কৰাৰ বিৰুদ্ধে নিয়মীয়া অভিযান চলাই আছে। এই অভিযানৰ মাজতে কালি সন্ধিয়া এগৰাকী ট্ৰাক চালকক সুৰাপান কৰি থকা অৱস্থাত ধৰা পেলোৱা হয়৷ যাৰ পৰিণতিত তেওঁক পৰিবহণ বিষয়াই ১০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে অনুজ্ঞাপত্ৰও বাতিল কৰে। উল্লেখ্য যে নৱবৰ্ষৰ অনুষ্ঠান আৰু বনভোজ দলৰ বাবে বজালী জিলা প্ৰশাসনে পহিলা ডিচেম্বৰৰ পৰা কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে৷ বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে জাৰি কৰা মেমো নং বিজেএমজি- ০২/২০২৪/৪৯১৫ নিৰ্দেশ অনুসৰি যিকোনো পথত মদ্যপান কৰি বাইক-চাৰিচকীয়া বাহন আদি চলোৱা, মোদিফাইড বাইক চলোৱা আৰু ষ্টাণ্ট আদি নিষিদ্ধ কৰা হৈছে৷ আনহাতে ৰাজহুৱা স্থান, পথ, পিকনিক স্পট আদিত শব্দ প্ৰদূষণ কৰি উচ্চ আয়তনৰ শব্দ ব্যৱস্থা, ডিজে চেট বজোৱা আৰু ফায়াৰ ক্ৰেকাৰৰ ব্যৱহাৰৰ লগতে বিয়লি ৪:৩০ বজাৰ পিছত বনভোজস্থলীত থকাটো নিষিদ্ধ কৰা হৈছে৷ নিৰ্দেশনাযোগে আয়ুক্তগৰাকীয়ে ৰাজহুৱা শৃংখলা, শান্তি আৰু শান্তিৰ স্বাৰ্থত প্ৰয়োজনীয়তা বিবেচনা কৰি এই নিৰ্দেশ জাৰি কৰা বুলি উল্লেখ কৰি এই নিৰ্দেশ সমগ্ৰ বজালী জিলাতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব বুলি সদৰি কৰিছে৷ উল্লেখ্যযে নৱবৰ্ষৰ পাৰ্টি, পিকনিক আদিৰ নামত বহুসংখ্যক যুৱকে মদ্যপান কৰি বাইক, চাৰিচকীয়া বাহন আদি অত্যধিক গতিত চলাই নিজৰ লগতে আনকো বিপদত পেলোৱা পৰিলক্ষত হোৱাৰ উপৰি বহুসংখ্যকে মদ্যপান কৰি পৰিবেশ বিনষ্ট কৰি আহিছে৷ আনহাতে পিকনিকৰ স্থান আৰু পিকনিকলৈ যোৱাৰ পথত; উভতি অহাৰ সময়ত লাউডস্পীকাৰ আৰু হাই ভলিউম ডিজে চেট বজাই জনসাধাৰণৰ অশান্তিৰ সৃষ্টি কৰাৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশত ব্যাঘাত জন্মোৱা, ৰোগীৰ অৱস্থা বিঘ্নিত কৰা পৰিলক্ষিত হোৱাৰ লগতে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰ্দেশনা জাৰি কৰিছে বজালী জিলা আয়ুক্তই৷
প্ৰেৰক কল্যাণ কলিতা