লাখপতি বাইদেউ আঁচনিৰ অধীনত বিটিআৰৰ ৫ জিলাৰ ১০ হাজাৰলৈ অনুদান
তামুলপুৰত গাহৰি গৃহৰ আধাৰশিলা স্থাপন প্রমোদ বড়োৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ মাৰ্চঃ লাখপতি বাইদেউৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰিছে বিটিআৰ চৰকাৰে৷ বিটিআৰত আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগত হিতাধিকাৰী আঁচনিৰে উপকৃত কৰাৰ বাবে বিটিআৰ চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৱে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অংশগ্রহণ কৰে৷ তদুপৰি এই কার্যসূচীৰ অংশ হিচাপে বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৱে তামুলপুৰৰ ৩নং কলবাৰীত মহিলা আত্মসহায়ক গোটৰ সদস্যা ফুলেশ্বৰী বসুমতাৰীক নিজা ভূমিত স্থাপন কৰা গাহৰি গৃহৰ আধাৰশিলা এটাও স্থাপন কৰে৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বড়োৱে ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিমিনয় কৰে৷ এইক্ষেত্রত তেওঁ খণ্ড উন্নয়ন বিষয়াৰ লগতে বিটিআৰ কর্তৃপক্ষক এইক্ষেত্রত সহযোগিতা আগবঢ়াবলৈও নির্দেশ দিয়ে৷ ভাষণত বড়োৱে কয় যে বডোফা লিভলি ভোটৰ জৰিয়তে মহিলাসকলৰ উপার্জন বৃদ্ধিৰ ক্ষেত্রত প্রয়োজনীয় সম্পদৰ যোগান ধৰিব৷ এই পদক্ষেপৰ অংশ হিচাপে প্রথম পর্যায়ত বিটিআৰৰ ৫খন জিলাৰ ১০ হাজাৰ হিতাধিকাৰীক আঁচনি ৰূপায়ণৰ বাবে অনুমোদন জনোৱা হৈছে৷ ইয়াৰে ৭০ শতাংশই হাঁহ–কুকুৰা পালন, ছাগলী পোহা আৰু গাহৰি পোহাৰ সৈতে জড়িত হ’ব৷ বাকী ৩০ শতাংশই প্রাকৃতিক সম্পদ ব্যৱস্থাপনা, গছপুলি ৰোপণ আদিৰ সৈতে জড়িত হ’ব৷ তদুপৰি কৃষি, ডায়েৰী, মীন, ৰেচমকে ধৰি আৰু ৫ হাজাৰ অতিৰিক্ত আঁচনি চৰকাৰী বিভাগৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে৷ আজিৰ এই অনুষ্ঠানত বিটিআৰৰ মুৰব্বী বড়োৰ উপৰি বিটিআৰৰ কার্যকৰী সদস্য ৰাকেশ ব্রহ্ম, গয়াবাৰীৰ টিচিএলচিচিৰ অধ্যক্ষ ধর্মনাৰায়ণ দাস, গৰেশ্বৰৰ টিচিএলচিচিৰ অধ্যক্ষ পৱিত্র নার্জাৰী, ৰমেন বড়ো, তামুলপুৰৰ বিডি’ ধনীৰাম পাটৰ, তামুলপুৰৰ বিপিএম জয়ন্ত বড়ো, তামুলপুৰৰ সহকাৰী বিডি’ উদাংশ্রী কছাৰীকে ধৰি বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷