নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০খন আসনেৰে পুনৰ দিছপুৰ দখল কৰিব বিজেপিয়ে

ৰঞ্জিত দাসৰ ফর্মুলা A+A

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে চূড়ান্ত হোৱা কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হোৱা চর্চাৰ বিপৰীতে বিজেপিৰ বাবে এই মিত্রতা সম্পূর্ণ গুৰুত্বহীন৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ  এনেদৰে কটাক্ষ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ বিজেপি সভাপতিগৰাকীৰ মতে, বিৰোধীয়ে যিমানেই মহাজোঁট নকৰক কিয়, বিজেপিৰ কোনো ক্ষতি নহয়৷ এনে ধৰণৰ মহাজোঁটে পূর্বেও বিজেপিক ক্ষতি কৰিব পৰা নাছিল আৰু আগলৈও নকৰে৷ উল্লেখ্য যে কালি কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই চূড়ান্ত ৰূপ লয়৷ কালি গঠন হোৱা মিত্রতাৰ জৰিয়তে এইবাৰ বিজেপিক ওফৰাবলৈ সক্ষম হ’ব বুলি কংগ্রেছ আৰু এ আই ইউ ডি এফৰ নেতাসকলে দিয়া হুংকাৰৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য– বিজেপিয়ে কাৰো প্রত্যাহ্বানৰ সন্মুখীন নহয়৷ বিজেপিৰ অভিধানত প্রত্যাহ্বান বুলি কোনো শব্দই নাই৷

হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত সাংবাদিকৰ আগত বিজেপিয়ে পুনৰ ক্ষমতালৈ অহাৰ নতুন ফর্মুলা দাঙি ধৰি আজি ৰঞ্জিত দাসে কয়– চৰকাৰৰ এচিভমেণ্ট আৰু দলৰ এক্টিভিটিছ অর্থাৎ +এৰে বিজেপিয়ে দখল কৰিব ১০০খন আসন৷ ৰাজ্যৰ সংখ্যালঘু সম্প্রদায়ৰ লোকসকল কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বহতীয়া নহয়৷ এইবাৰ নির্বাচনত বিজেপিৰ প্রতি আস্থা প্রকাশ কৰা সংখ্যালঘু সম্প্রদায়ৰ লোকসকলে বিবেক ভোটেৰে আমাক জয়যুক্ত কৰাব৷ স্বাভিমানী অসমীয়া, ভাৰতীয়সকল বিজেপিৰ লগত আছে আৰু তেওঁলোকৰ আশীর্বাদেৰে দলটো আগবাঢ়ি যাব৷ জনবিৰোধী কংগ্রেছ আৰু বিদেশীৰ সমর্থনত সৃষ্টি হোৱা এ আই ইউ ডি এফ দলৰ মিত্রজোঁটক উজনি অসমৰ ৰাইজে ঘৃণাৰ দৃষ্টিৰে চাইছে৷ সেয়েহে এইবাৰ বিজেপিয়ে গোলাঘাট, সৰুপথাৰ, তিতাবৰ, ডুমডুমা, নাওবৈচা, শিৱসাগৰ, মৰিয়নি আৰু নাজিৰা সমষ্টিত বৃহৎ সফলতা লাভ কৰিব৷

উল্লেখ্য যে বুধবাৰে বি পি এফৰ কেন্দ্রীয় যুৱ সমিতি, গণ সুৰক্ষা পার্টী (জি এছ পি) দলকে ধৰি কেইবাটাও দল–সংগঠনৰ প্রায় ১০০জন নেতা–সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ এই উপলক্ষে ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত সভাপতি ৰঞ্জিত দাসে তেওঁলোকক দলীয় গলবস্ত্রৰে আদৰণি জনায়৷ প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, ইমানুৱেল মুছাহাৰী, ৰাজ্যিক উপ–সভানেত্রী ৰেখাৰাণী দাস বড়ো, উপ–সভাপতি নিহিনেশ্বৰ বসুমতাৰী, সম্পাদিকা পৰমী দাসৰ লগতে দলৰ বিষয়ববীয়া আৰু কার্যকর্তাসকল উপস্থিত থাকে৷ এই অনুষ্ঠানতে সভাপতি ৰঞ্জিত দাসে বিজেপিৰ সদস্যৰ সংখ্যা অচিৰেই ৬৭ লাখ হ’ব বুলি ঘোষণা কৰে৷

You might also like