নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিতেশ ডেকা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ঔপন্যাসিক : উপেন্দ্ৰজিত শৰ্মা

সৰ্থেবাৰীত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদযাপন
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী : জনপ্ৰিয় লিখক হিতেশ ডেকা হৈছে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ উপন্যাসিক। কাৰণ হিতেশ ডেকাৰ লিখনিয়ে সকলোকে মোহিত কৰাৰ লগতে হিতেশ ডেকাৰ লিখনিত আমি আমাৰ জীৱনটো দেখিবলৈ পাওঁ আৰু আমি আমাক উপলদ্ধি কৰিব পাৰোঁ বাস্তৱক উপলব্ধী কৰিব পাৰোঁ। হিতেশ ডেকা আছিল এগৰাকী স্বাভিমানী লিখক তথা স্বাভিমানী সত্বাৰে সমৃদ্ধ অসমীয়া।- এই মন্তব্য অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান ডঃ উপেন্দ্ৰজিত শৰ্মাৰ। অসম সাহিত্য সভা আৰু ভাৰতী অধ্যয়ন চক্ৰৰ যৌথ উদ্যোগত অনুষ্ঠিত প্ৰয়াত হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বক্তৃতানুষ্ঠানত ভাষণ প্ৰদান কৰি এইদৰে কয় উপেন্দ্ৰজিত শৰ্মাই। তেওঁ লগতে কয় যে যি জাতিৰ নিজস্ব স্বাভিমান নাথাকে সেই জাতি ইতিহাসত বেছিদিন জীয়াই নাথাকে।আনহাতে জাতীয় জীৱনত জাতিক সেৱা কৰিবলৈ আহিলে নিজকে চেলিব্ৰিটি সজোৱাৰ সলনি এক সাধাৰণ জীৱন শৈলিৰে জাতিক সেৱা কৰাৰ প্ৰয়োজন।জনপ্ৰিয় সাহিত্যিক হিতেশ ডেকা আছিল তেনে এক আদৰ্শৰে উদ্বুদ্ধ লোক।একেদৰে হিতেশ ডেকাৰ প্ৰজ্ঞাৰ সাধনাক জনতাৰ মাজলৈ নৱপ্ৰজন্মৰ হৃদয়লৈ বোৱাই নিব লাগিব। জাতীয় জীৱনত আপোচহীন সত্বাৰে সমৃদ্ধ জাতীয় জীৱন তথা জাতীয় চেতনাৰ গুৰুত্বপূৰ্ণ অংগ হিতেশ ডেকাৰ আদৰ্শক প্ৰতিস্থা কৰাটো এক সময় আহ্বান বুলিও  অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান ডঃ উপেন্দ্ৰজিত শৰ্মাই মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা উপন্যাসিক হিতেশ ডেকাৰ আজীৱন এশতম জন্মদিন। আৰু এই জন্ম শতবৰ্ষ উদযাপন উপলক্ষ্যত আজি আয়োজন কৰা বক্তৃতানুষ্ঠানত সভাপতিত্ব কৰে ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰনাথ ভূঞাই। ভাৰতী অধ্যয়ন চক্ৰৰ সম্পাদক গুণজিৎ চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই বক্তৃতানুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান ডঃ উপেন্দ্ৰজিত শৰ্মাই আৰম্ভণি বক্তৃতা প্ৰদান কৰে। বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী গিৰিধৰ চৌধুৰীয়ে বক্তৃতানুষ্ঠান উদ্বোধন কৰে। উদ্বোধনী ভাষণত গিৰিধৰ চৌধুৰীয়ে কয় যে হিতেশ ডেকা আছিল মানুহৰ কথা লিখা এগৰাকী চহা লিখক।লগতে সমাজৰ প্ৰয়োজনীয় কথা লিখা হিতেশ ডেকাৰ বিষয়ে যি ধৰণে প্ৰচাৰ আৰু প্ৰসাৰ হৱ লাগিছিল সেই ধৰণে হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰে।এই বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি বাপুজী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰবক্তা ধনজিত ডেকাই কয় যে হিতেশ ডেকাৰ ভাৱ আৰু অনুভুতি আছিল ব্যতিক্ৰম। আৰু হিতেশ ডেকাই ভাৱৰ মুৰ্ত প্ৰকাশেৰে বাক্য ৰচনা কৰি স্বাস্বত ভাৱক পাঠকৰ হৃদয়লৈ লৈ যাব পাৰিছিল বুলিও মন্তব্য কৰে ধনজিত ডেকাই।ভাষণ প্ৰসংগত ধনজিত ডেকাই হিতেশ ৰচনাৰাজিৰ লগতে হিতেশ ডেকাৰ আদৰ্শ সম্পৰ্কত বিস্তৃত আলোচনা কৰে।অনুষ্ঠানত আন এগৰাকী নিৰ্দিষ্ট বক্তা হিচাপে ডঃ মঞ্জু হালৈয়ে বক্তব্য প্ৰদান কৰি হিতেশ ডেকাৰ সাহিত্য সম্পৰ্কত বিশ্লেষণ কৰে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক দিলীপ কুমাৰ ৰয়ে হিতেশ ডেকাই নিজৰ উপন্যাসৰ জৰিয়তে খলকনিৰ সৃষ্টি কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে।লগতে সৈই সময় অভিলেখ সংখ্যক পাঠক সৃষ্টি কৰিবলৈ সক্ষম হোৱা এগৰাকী মননশীল লিখক হিতেশ ডেকাৰ সাহিত্য এক ব্যতিক্ৰম সাহিত্য আছিল বুলিও দিলীপ ৰয়ে মন্তব্য প্ৰকাশ কৰে।একেদৰে সভাত বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোবিন্দ তালুকদাৰ, ডাঃ বিপিন কলিতা, প্ৰমোদ চন্দ্ৰ দাস আদি কেইবাগৰাকীও লোকে ভাষণ প্ৰদান কৰে। বক্তৃতানুষ্ঠানত হিতেশ কনিষ্ঠপুত্ৰ যোগেশ ডেকাইও ভাষণ প্ৰদান কৰে। বক্তৃতানুষ্ঠানৰ আৰম্ভণিতেই এটি সমবেত সংগীত পৰিবেশন কৰাৰ লগতে বক্তৃতানুষ্ঠানৰ মাজত শিখামণি বৰ্মনে এটি সংগীত পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। উল্লেখ্য যে হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যত পুৱা ৮ বজাত হিতেশ ডেকাৰ জন্ম ভেটিৰ পৰা সৰ্থেবাৰী ৰাজহুৱা পুথিভঁৰাললৈ এক সাংস্কৃতিক শোভাযাত্ৰা কৰা হয় আৰু পুৱা ৯ বজাত খগেন্দ্ৰনাথ ভূঞাই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে।পুৱা ৯-৩০ বজাত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বৰপেটা জিলা সাহিত্য সভাৰ উপ সভাপতি বাণীকান্ত ভূঞাই আৰু হিতেশ ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ কুমাৰ বেজবৰুৱাই। মুখ্য স্মৃতি তৰ্পক হিচাপে উপস্থিত থাকি হিতেশ ডেকাৰ বৰপুত্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰবীন্দ্ৰ অধ্যাপক ডঃ উমেশ ডেকাই স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে। লগতে ভাৰতী অধ্যয়ন চক্ৰৰ উপদেষ্টা সাংবাদিক পেন্সনাৰ মৃণাল মল্ল পাটোৱাৰী, গিৰীশ ডেকা,খগেশ্বৰ ডেকা, কুলৰঞ্জন ভূঞা, পাৰ্বতী পাটোৱাৰী, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ধিয়া হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উপলক্ষত সামূহীক বন্তি প্ৰজ্বলন কৰা হয়।
প্ৰেৰক নকুল তালুকদাৰ
You might also like