📌 এই সময়ছোৱাত ১৫ সন্ত্রাসবাদী, ১১ চোৰ, ২০ ডকাইত, ৪ ধর্ষণকাৰী নিহত
📌 বর্তমান অসমৰ ২৮জন ব্যৱসায়ীয়ে লাভ কৰি আছে দেহৰক্ষী
📌 যোৱা বছৰত ড্রাগ্ছ–মদ–ভাঙৰ বাবে ৩,৫১৬টা অপৰাধজনিত ঘটনা সংঘটিত
👉সদনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তথ্য
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মাৰ্চঃ ২০১৬ চনৰ মে’ মাহৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ ৰাজ্যখনত আৰক্ষীৰ গুলীত ১০৫জন লোক নিহত হোৱাৰ লগতে ১৯৯জন লোক আহত হৈছে৷ সেইদৰে এই সময়ছোৱাত অসম আৰক্ষীৰ জিম্মাত ৪৮জন লোক নিহত হোৱাৰ লগতে ১৫২জন লোক আহত হৈছে৷ সদনত বিধায়ক মিছবাহুল ইছলাম লস্কৰৰ এক লিখিত প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য সদৰী কৰে৷ এই সময়ছোৱাত ১৫জন সন্ত্রাসবাদী, ১১জন চোৰ, ২০জন ডকাইত, চাৰিজন ধর্ষণকাৰী আৰু ৭৮জন অন্যান্য অপৰাধী নিহত হয়৷ উক্ত সময়ছোৱাত আৰক্ষীৰ জিম্মাত আহত অথবা নিহত লোকৰ মৃত্যুৰ ঘটনাক লৈ মুঠ ১৬৩টা গোচৰ পঞ্জীয়ন হৈছে৷ ইয়াৰে ১৩৫টা গোচৰ ইতিমধ্যে নিষ্পত্তি হৈছে আৰু ২৮টা গোচৰ এতিয়ালৈকে নিষ্পত্তি নোহোৱাকৈ আছে৷ আনহাতে, বিধায়ক আব্দুল ৰহিম আহমেদৰ আন এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান অসমৰ ২৮জন ব্যৱসায়ীক দেহৰক্ষী প্রদান কৰা হৈছে আৰু এজন ব্যৱসায়ীৰ বাণিজ্যিক প্রতিষ্ঠানত সুৰক্ষা প্রদান কৰা হৈছে৷ ইয়াৰে ১৪জন ব্যৱসায়ীক নির্ধাৰিত মাচুলৰ ভিত্তিত নিৰাপত্তা প্রদান কৰা হৈছে৷ ব্যৱসায়ী হৰেন মহন্তক কোনো পিএছঅ’ প্রদান কৰা হোৱা নাই৷ কিন্তু তেওঁৰ ব্যৱসায়িক প্রতিষ্ঠান এম বি কনছ’টিৰয়াম, গুৱাহাটীত নিৰাপত্তাজনিত কাৰণত গৃহৰক্ষী বাহিনী পানীখাইতী কার্যালয়ৰ পৰা ছজন সশস্ত্র গৃহৰক্ষী জোৱান আৰু তেওঁলোকৰ পৰিচালনাৰ বাবে আৰক্ষী আয়ুক্ত গুৱাহাটীৰ কার্যালয়ৰ পৰা এজন এনচিঅ’ নির্ধাৰিত মাচুলৰ ভিত্তিত প্রদান কৰা হৈছে৷ তদুপৰি ৩৪জন অৱসৰপ্রাপ্ত বিষয়াক নিৰাপত্তা প্রদান কৰা হৈছে৷ ইপিনে, বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ)ৰ আন এক প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২৪ বছৰটোত অসমত ড্রাগ্ছ, মদ আৰু ভাঙৰ বাবে ৩,৫১৬টা অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ ইয়াৰে ড্রাগ্ছৰ বাবে ২,৭২৪টা, মদৰ বাবে ১৪৮টা আৰু ভাঙৰ বাবে ৬৪৪টা অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ সেইদৰে যোৱা বছৰটোত ৰাজ্যখনত সুদখোৰৰ বিৰুদ্ধে ২০২টা গোচৰ ৰুজু হৈছিল আৰু ৩৩৬জন অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছে৷ অসমত অবৈধ সুদৰ লেনদেন প্রায় বন্ধ হৈছে৷