নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই ইউ কে ডিত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

🔹 মুখ্য অতিথি মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী

বিশেষ বাৰ্তা, ২২ জুন : দেশজুৰি উদযাপিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি কালি সোণাপুৰস্থিত ইনষ্টিটিউট অৱ ইউৰ’লোজী এণ্ড কিডনী ডিজিজেজতো (আই ইউ কে ডি) দিনজোৰা কাৰ্যসূচীৰে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত তিনি শতাধিক ব্যক্তিয়ে অংশ লয়। ভাগৱত গীতাৰ ২ নং অধ্যায়ৰ ৫০ নং শ্লোক “योगः कर्मसु कौशलम्” বাণীৰে আদৰণী ভাষণৰ শুভাৰম্ভণি কৰি ইনষ্টিটিউট অৱ ইউৰ’লোজী এণ্ড কিডনী ডিজিজেজ (আই ইউ কে ডি)ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ তথা মুখ্য ইউৰ’লোজী বিশেষজ্ঞ লেজাৰমেন ডাঃ অৰূপ কুমাৰ নাথে সাম্প্ৰতিক সময়ৰ বৰ্ধিত জীৱনশৈলীজনিত ৰোগসমূহৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰত যোগৰ বিশেষ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে প্ৰতিবছৰে বিশ্বত প্ৰায় ৬০ মিলিয়ন ব্যক্তিয়ে বিভিন্ন কাৰণত মৃত্যুক আঁ‌কোৱালি ল’ব লগা হয়। তাৰ ভিতৰত ৪১ মিলিয়ন ব্যক্তি অৰ্থাৎ ৭১% মৃত্যু কেৱল জীৱনশৈলীজনিত ৰোগৰ বাবেই হয়। ১৯৯০ চনত ভাৰতত অসংক্ৰমিত ৰোগ অৰ্থাৎ Non communicable disease, যাক জীৱনশৈলীজনিত ৰোগ অৰ্থাৎ Life style diseases বুলিও কোৱা হয়, সেয়া ৩৭% আছিল। ২০২০ চনলৈ এই অসংক্ৰমিত ৰোগ (Non communicable disease বা জীৱনশৈলীজনিত ৰোগ) বৃদ্ধি পাই ৬৭% হৈছে। অৰ্থাৎ, মাত্ৰ তিনিটা দশকৰ ভিতৰতেই জীৱনশৈলীজনিত ৰোগৰ হাৰ দুগুণলৈ বৃদ্ধি পাইছে। আমাৰ সমাজত আজি ডায়েবেটিছ ৰোগী নথকা বা হাইপ্ৰেচাৰ নথকা পৰিয়াল প্ৰায় নাইৰ নিচিনাই হৈ গ’ল। আজি ভাৰতবৰ্ষক বিশ্বৰ ডায়েবেটিছ বা মধুমেহ ৰোগৰ ৰাজধানী বুলি কোৱা হৈছে। একেদৰে, উত্তৰ-পূৰ্বাঞ্চলক কোৱা হৈছে “কেঞ্চাৰ কেপিটেল অৱ ইণ্ডিয়া” বুলি। যোৱা ৩ বছৰত অকল অসমতেই ৩৭,০০০ নতুন কেঞ্চাৰ ৰোগী ধৰা পৰিছে। ই সঁচাকৈয়ে অতিকৈ উদ্বেগজনক কথা। নিয়মীয়া যোগাভ্যাসে এই সকলো ধৰণৰ জীৱনশৈলীজনিত ৰোগসমূহৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি উল্লেখ কৰি ডাঃ নাথে যোৱা প্ৰায় এক দশকজুৰি যোগ সাধনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে বুলিও ব্যক্ত কৰে। আমাৰ মানসিক শান্তি, শক্তি তথা সুস্থিৰতা বজাই ৰখাতো যোগে বিশেষ ভূমিকা পালন কৰিব পাৰে। তেওঁ আকৌ উল্লেখ কৰে যে আমি আই ইউ কে ডিয়ে গভীৰভাৱে এই কথা বিশ্বাস কৰোঁ যে “we treat the body and mind, nature heals the mind and spirit”। প্ৰকৃতিৰ সৈতে মানৱ শৰীৰৰ এক নিবিড় সম্পৰ্ক আছে। সেয়েহে সোণাপুৰৰ এই সুন্দৰ শ্যামল নৈসৰ্গিক পৰিৱেশৰ মাজত আমি সেৱাৰ মনোভাবেৰে পূব ভাৰতৰ প্ৰথমখন কিডনী হাস্পটেলৰ সপোন দেখিছিলোঁ। যোগৰ প্ৰতি থকা আমাৰ গভীৰ অনুৰাগৰ হেতু ইয়াৰ পূৰ্বেও আই ইউ কে ডিৰ জন্মৰ পূৰ্বেও আমি ২০২০-২১ বৰ্ষত যোগ সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ। “স্বাস্থ্যস্য স্বাস্থ্যৰক্ষণম্, আতুৰস্য বিকাৰ-প্ৰশমণম্” অৰ্থাৎ ৰোগী এগৰাকীৰ ৰোগৰ চিকিৎসা কৰাৰ উপৰি আমাৰ আন এক উদ্দেশ্য হৈছে স্বাস্থ্যৱান ব্যক্তি এগৰাকীৰ স্বাস্থ্য ৰক্ষা কৰাটো। সেই উদ্দেশ্য সাৰোগত কৰিয়েই আমি আই ইউ কে ডিত “হেলথ্ এণ্ড ৱেলনেচ্ ক্লিনিক” আৰম্ভ কৰিছিলোঁ, য’ত ৰোগৰ চিকিৎসাৰ উপৰি ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য ৰক্ষাৰ বিবিধ দিহা-পৰামৰ্শ প্ৰদান কৰা হয়। মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰি কয় যে যোগাসনে মানুহৰ মন-মন্দিৰত এক ধনাত্মক চিন্তাৰ উন্মেষ ঘটায়। ই শৰীৰ, মন আৰু আত্মাৰ সংযোগ সাধে। গাঁ‌ৱৰ পৰা পথাৰ হৈ চহৰলৈ আহি আজিও শিপা খামুচি ধৰি ১০০ বিছনাযুক্ত এখন অত্যাধুনিক চিকিৎসা প্ৰতিষ্ঠানত প্ৰাচীন ভাৰতীয় সভ্যতা-সংস্কৃতিৰ গৌৰৱ ধ্বজাস্বৰূপ যোগক এক অবিচ্ছেদ্য অংশ হিচাপে ৰাখি এনেদৰে যোগ অনুষ্ঠান অনুষ্ঠিত কৰা বাবে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে ডাঃ অৰূপ কুমাৰ নাথৰ শলাগ লয়। আজিৰ সভাত বিশেষ অতিথিৰ আসন অলংকৃত কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ থেৰাপীৰ প্ৰতিষ্ঠাপক সভাপতি, যোগাচাৰ্য শুভাশিস কৌৰৰ লগতে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে। তেওঁলোকেও যোগৰ মাহাত্ম্য সম্পৰ্কে বক্তৃতা দাঙি ধৰে। অনুষ্ঠানত দেৱ কুমাৰ নাথ, হেল্পিং হেণ্ডৰ প্ৰতিষ্ঠাপক সভাপতি যতীন্দ্ৰনাথ কৃষ্ণ দাস, বিশিষ্ট যোগ সাধক অনিল বৰাও উপস্থিত থাকে। আই ইউ কে ডিৰ তৰফৰ পৰা তেওঁলোকলৈ একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। যোগগুৰু বিষ্ণু ৰাই ৰাজবংশীয়ে অনুষ্ঠানত যোগচৰ্চাৰ এটি লাইভ অনুষ্ঠান আগবঢ়ায়। ইয়াত উপস্থিত সকলোৱে যোগচৰ্চাত অংশ লয়। উল্লেখ্য যে বড়োলেণ্ড মিডিয়া হাউছৰ তৰফৰ পৰা ডাঃ অৰূপ কুমাৰ নাথক সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট লেখক অশোক কুমাৰ নাথে আঁ‌ত ধৰা এই অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় আই ইউ কে ডিৰ সঞ্চালিকা সন্ধ্যামিকা দেৱীয়ে।

You might also like