🔹 পাঠশালাত উপস্থিত পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্য
🔹 ৰাষ্ট্ৰীয় ঘাইপথত বিজ্ঞানসন্মতভাৱে গতিৰোধক নোহোৱাৰ বাবে দুৰ্ঘটনা বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : আমাৰ দেশৰ বিশেষকৈ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ অন্যতম কাৰণ গতিৰোধক বুলি বিভিন্ন সময়ত আলোচিত হৈ অহাৰ সময়তে এই কথাক একপ্ৰকাৰ স্বীকাৰ কৰে ৰাজ্যৰ পথ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ আজি পাঠশালাত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শুক্লবৈদ্যই কয় যে ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা হ্ৰাস কৰাৰ স্বাৰ্থতে বিভিন্ন স্থানত গতিৰোধকৰ ব্যৱস্থা কৰা হয় যদিও এই গতিৰোধকসমূহ বিজ্ঞানসন্মত নোহোৱাৰ বাবেই বহু সময়ত দুৰ্ঘটনা সংঘটিত হয়৷ তেওঁ কয় যে গতিৰোধক বহুওৱাৰ বাবে ICRA কিছু নিয়ম বান্ধি দিয়া আছে৷ কিন্তু বহু ঠাইত এই নিয়ম মানি গতিৰোধকসমূহ বহুওৱা হোৱা নাই৷ স্পীডব্ৰেকাৰ বহুৱালে নীতি-নিয়মসমুহ মানি বহুৱাব লাগে আৰু তেনেবোৰ কাৰণতে ৰাজ্যৰ পথ পৰিবহণ বিভাগে বিষয়বোৰ চালিজাৰি চাই গতিৰোধকসমূহ বিজ্ঞানসন্মতভাৱে বহুওৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ লৈছে৷ এই সন্দৰ্ভত ইতিমধ্যে জিলা পৰ্যায়ত সজাগতা সভা আদিও অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেবোৰ কাম কৰাৰ কাৰণেই তেওঁৰ এই যাত্ৰা৷ উল্লেখ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে পালন কৰা বিশ্ব স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ পথ পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰি ৰাজ্যজুৰি বাইক চলাই বিশেষ জনসচেতনতা অভিযান চলাইছে। এই অভিযানৰে অংশ হিচাপে আজি মন্ত্ৰীগৰাকীয়ে পাঠশালাত উপস্থিত হৈ বজালী আয়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা সন্দৰ্ভত এক আলোচনাত অংশগ্রহণ কৰে। আলোচনাত গুৱাহাটী, ধুবুৰী, বিজনী, বঙাইগাঁও, বৰপেটা আদিকে ধৰি তেওঁ ইতিমধ্যে ১১০০ কিঃমিঃ পথ অতিক্রম কৰি নিজে সুখী বুলি কয়। আনহাতে, পথ দুৰ্ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ ৰাজ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে দুৰ্ঘটনা বৃদ্ধি হোৱা বুলিও স্বীকাৰ কৰে৷ মন্ত্ৰীগৰাকীয়ে পথত গাড়ী চলোৱাৰ সময়ত পথ সুৰক্ষা ব্যৱস্থাক অগ্ৰাধিকাৰ দি সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চালকসকলৰ লগতে সাধাৰণ ৰাইজক আহ্বান জনাই কয় যে মূলত: কেইটামান কাৰণত পথ দুৰ্ঘটনাৰ ঘটনা সঘনাই সংঘটিত হোৱা দেখা যায়৷ তাৰ ভিতৰত মদ্যপান কৰি গাড়ী চলোৱা, তীব্ৰ গতিবেগ, হেলমেট পৰিধান নকৰা আৰু ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ বাইক-মটৰগাড়ী চলোৱা আদি বিষয়বোৰৰ ওপৰত গুৰুত্ব আৰোপ প্ৰতিখন জিলাতে সজাগতামূলক ব্যৱস্থা কৰাৰ ওপৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে৷ ইপিনে, গুৱাহাটীৰ খানাপাৰাৰ বাছষ্টেন্ডত যান-বাহন আৰক্ষীৰ প্ৰত্যক্ষ সহযোগত অবৈধ ছিণ্ডিকেট চলি থকাৰ অভিযোগ সন্দৰ্ভত তেওঁ এই বিষয়ে জ্ঞাত নহয় বুলি মন্তব্য কৰি কয় যে তেওঁ নিজে কিছুদিন পূৰ্বে খানাপাৰাত গৈ সভা পাতি আহিছে, কিন্তু তেতিয়া কোনো বাছ মালিকেতো তেওঁক এই বিষয়ে অভিযোগ দিয়া নাই৷ যদি তেওঁলোকৰ হাতত এই অভিযোগ সন্দৰ্ভত কিবা তথ্য আছে, সেই তথ্যসহ অভিযোগ দাখিল কৰিলে বিভাগীয়ভাৱে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি কয় ৷
প্ৰেৰক কল্যাণ কলিতা