🔹 ঋণৰ ধনৰ সদ্ব্যৱহাৰেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আহ্বান
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : কামৰূপ জিলাৰ কমলপুৰ মিনি ষ্টেডিয়ামত ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি জিলাখনৰ মাইক্ৰ’ ফাইনেন্সৰ হিতাধিকাৰীসকলৰ মাজত ঋণমুক্তিৰ প্ৰমাণ-পত্ৰ বিতৰণ কৰে। অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ ৰ অধীনৰ তৃতীয় বৰ্গৰ ঋণীসকলক কমলপুৰ মিনি ষ্টেডিয়ামত অসম চৰকাৰৰ বিত্ত বিভাগ তথা কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত জিলাখনৰ সৰ্বমুঠ ১১,১৫৩গৰাকী হিতাধিকাৰীক সভাথলীতে প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত পালন নকৰে। কিন্তু এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ব্যতিক্ৰম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকী তাৰ বাবে শলাগৰ পাত্ৰ বুলি কয়।
তেওঁ কয় যে অসমৰ আই-মাতৃসকলে মাইক্ৰ’ ফাইনেন্সৰ উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ অধীনৰ তৃতীয় বৰ্গৰ ২.২২ লাখ ঋণীয়ে ঋণদাতাৰ ৩০০ কোটি টকা চৰকাৰী ৰাজসাহায্য হিচাপে লাভ কৰিব আৰু ভৱিষ্যতে পুনৰ ঋণ ল’ব পৰাকৈ যোগ্য বিবেচিত হ’ব। মন্ত্ৰীগৰাকীয়ে মহিলাসকলক ঋণৰ ধনৰ সদ্ব্যৱহাৰেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰাৰ বাবে আহ্বান জনায় । অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু অসম ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যয়ো অসম চৰকাৰে লোৱা এনে আঁচনিৰ শলাগ লৈ বক্তব্য আগবঢ়ায়। জিলা আয়ুক্ত কীৰ্তি জল্লীয়ে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, উত্তৰ কামৰূপ জিলাৰ বিজেপিৰ সভাপতি সুবল পালকে ধৰি কামৰূপ জিলাৰ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু মাইক্ৰ’ ফাইনেন্সৰ হিতাধিকাৰীসকলৰ লগতে বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
প্ৰেৰক দীপক দাস