১১৫ দিনৰ পাছত ৰাজ্যত প্রথমবাৰলৈ নাই ক’ৰোনাত মৃত
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ ৰাজ্যখনত ক’ভিডত আক্রান্তৰ হাৰ নিম্নগামী আৰু সুস্থতাৰ হাৰ ঊর্ধ্বগামী হ’লেও যোৱা দিনসমূহত ৰাজ্যবাসীক শংকিত আৰু ত্রাসিত কৰি ৰাখিছিল প্রতিদিনে অহা ক’ভিড আক্রান্তৰ মৃত্যুৰ খবৰে৷ কিন্তু সুদীর্ঘ ১১৫ দিন পাছত আজি ৰাজ্যখনত কোনো ক’ভিড ৰোগীৰ মৃত্যুৰ দুখজনক খবৰ অহা নাই৷ আজিৰ দিনটোত ক’ভিডত কোনো এগৰাকী ৰোগী মৃত্যুমুখত পৰিবলগীয়া হোৱা নাই৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সম্পর্কত আজি টুইটাৰত কয়– যোৱা ১১৫ দিন অসমত ক’ভিড ৰোগীৰ মৃত্যুৰ বেদনাদায়ক ঘটনা সংঘটিত হৈছে৷ আজি অসমত কোনো ক’ভিড ৰোগীৰ মৃত্যু নোহোৱাৰ খবৰ জনাবলৈ পাই মই আনন্দিত হৈছোঁ৷ ক’ৰোনা মহামাৰী ৰোধৰ ক্ষেত্রত আমি সতর্কতা অৱলম্বন কৰিব লাগিব৷ ইপিনে আজিৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৩৮০গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰে গুৱাহাটী মহানগৰীৰ ১০১গৰাকী লোক৷ আজি ৰাজ্যখনত ২৯,০২৬গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ১.৩১ শতাংশ৷ আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত ৬৫৫গৰাকী লোকক আজি ৰিলিজ দিয়া হয়৷ এতিয়ালৈ ৰাজ্যখনত মুঠ ২,০৭,৭৪১গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ ইয়াৰ বিপৰীতে ১,৯৮,৬৯৪গৰাকী লোক সুস্থ হৈ ইতিমধ্যে ঘৰলৈ উভতিছে৷ বর্তমান বিভিন্ন হাস্পতালত ৮,১১০গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ এতিয়ালৈ ৰাজ্যখনত মুঠ ৯৩৪গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ মন্ত্রী ড০ শর্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি অসমত সুস্থতাৰ হাৰ ৯৫.৬৪ শতাংশ, সক্রিয় ৰোগীৰ হাৰ ৩.৯০ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৫ শতাংশ৷