নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১৭খন পতাকা উত্তোলনেৰে আৰম্ভ গোৱৰাদল-ষাঠিকুছি সভা মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰী : বৃহত্তৰ গোৱৰাদল-ষাঠিকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিশিষ্ট ব্যক্তি, সভা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মনোহৰি বৰ্মনৰ লগতে সভাকৰ্মী, উপদেষ্টা আৰু শুভাকাংক্ষীসহ মুঠ ১১৭গৰাকী ব্যক্তিৰ দ্বাৰা ১১৭খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল ঐতিহ্যমণ্ডিত গোৱৰাদল-ষাঠিকুছি ৰাজহুৱা সভা মহোৎসৱ৷ ১৯০৯ চনৰ পৰা প্ৰতিবছৰে মাঘ মাহৰ ১৪ তাৰিখৰ পৰা ১৮ তাৰিখলৈ অনুষ্ঠিত হৈ অহা সভা মহোৎসৱখনিৰ এইবাৰৰ ১১৭সংখ্যক সভা মহোৎসৱৰ কাৰ্য্যসূচী আজি পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱাৰ পাছত সভাৰ মুখ্য তোৰণ, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আৰু গছপুলি ৰোপণ কৰে ক্ৰমে সভাপতি মনোহৰি বৰ্মন, কাৰ্যকৰী সভাপতি গণেশ চন্দ্ৰ হালৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন্দ্ৰ নাথ বৰ্মন আৰু জ্যেষ্ঠ নাগৰিক ভদীৰাম বৰ্মন, চন্দ্ৰকান্ত দাসে৷ পিছত সভা মহোৎসৱৰ অস্থায়ী কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে লোহিত বৰ্মনে৷ পুৱা ১০ বজাত গোৱৰাদল লংকা চুবুৰিৰ গঞা গঞৰহে বৃহত্তৰ অঞ্চলটোৰ মাজেৰে এক শোভাযাত্ৰা কৰি গোসাঁই আনয়নৰ পাছত মন্দিৰত গোসাঁই স্থাপন কৰে জয়হৰি পিতাৰ থানৰ মুখ্য দেউৰী যতীন্দ্ৰ নাথ মেধিয়ে৷ লগতে মন্দিৰৰ দ্বাৰ উন্মোচন কৰি বন্তি প্ৰজ্বলন কৰে জয়হৰি পিতাৰ থানৰ থান পদাধিকাৰ তথা নৱদ্বীপ হাস্পতাল নলবাৰীৰ অধ্যক্ষ গণেশ তামুলীয়ে৷ উন্মোচক বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে নিজৰ ভাষণ আগবঢ়াই কয় যে সভা মহোৎসৱসমূহৰ যোগেদি বৃহত্তৰ অঞ্চলৰ ৰাইজে বছৰত এবাৰ মিলিত হোৱাৰ সুযোগ লাভ কৰে।গ্ৰামাঞ্চলত অনুষ্ঠিত কৰা সভা মহোৎসৱসমূহে মানুহৰ মনত আনন্দ প্ৰদান কৰাৰ উপৰি একোটা অঞ্চলৰ মানুহৰ মাজত একতা, সম্প্ৰীতি আৰু সদ্ভাবৰ এনাজৰীডাল সুদৃঢ় কৰি তোলে। সভা মহোৎসৱবোৰৰ যোগেদি  সহযোগ, সমন্বয় আৰু ঐক্য বৰ্তি থাকে। সভাৰ প্ৰাক্তন সভাপতি কন্দৰ্প কুমাৰ বৰ্মনে মঞ্চ উদ্বোধন কৰাৰ পাছত সভা মহোৎসৱ উদ্বোধন কৰে সমাজসেৱক তথা সচেতন নাগৰিক মঞ্চ, অসমৰ সভাপতি চন্দন ভট্টাচাৰ্যই ৷ ইয়াৰ পাছত মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ সন্ধিয়া ১১৭ গছি বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ চন্দ্ৰ শৰ্মাই৷ লগতে শিৱ মন্দিৰ আৰু ঢুলীয়া শিল্পী প্ৰয়াত কৰুণা কান্ত দাসৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয় ৷ সন্ধিয়া আতচবাজী প্ৰজ্বলনৰ পাছত বিশেষ সম্বৰ্ধনা অনুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়৷ বিশিষ্ট সাংস্কৃতিক কৰ্মী, অনাতাঁৰ শিল্পী তথা অৱসৰী শিক্ষক সুৰেন্দ্ৰ নাথ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াত সংগীত শিল্পী কল্লোল বৰঠাকুৰ, মিচ কিমিয়ে সংগীত পৰিৱেশন আৰু চামতাৰ “নিঞ্জা ডেন্স গ্ৰুপে” নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে মোহিত কৰে৷ কাইলৈ পুৱাৰে পৰা হোমযজ্ঞৰ বৈদিক কাৰ্য্যক্ৰমণিকা অনুষ্ঠিত হোৱাৰ লগতে সভা মহোৎসৱৰ আটাইকেইদিনতে ভাগৱত পাঠ, নাম-কীৰ্তন, ধৰ্মীয় সভা, যাত্ৰাপাৰ্টীৰ দ্বাৰা নাট প্ৰদৰ্শন, ঢুলীয়া প্ৰদৰ্শন, ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শন, আধুনিক একক নৃত্য প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, সাহিত্য, সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব ।
প্ৰেৰক শৈলেন বৰ্মন
You might also like